বলেৰো সোমাল চম্পাৱতী নৈত… নিহত এক, নিখোজ এক
চাপৰৰ কুৰ্শাকাটীৰ পৰা আহিছিল লোককেইজন। নিশা ঘন কুঁৱলীৰ বাবে বলেৰ বাহনখন পথৰ পৰা চম্পাৱতী নৈত পৰে
যোগীঘোপাৰ বোৱালীমাৰীত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। যোগীঘোপাত নিশা ভয়ংকৰ দুৰ্ঘটনা। নিশা প্ৰায় ১২ বজাত ঘন কুঁৱলীৰ বাবে বলেৰো বাহন পৰিল চম্পাৱতী নৈত। এজন লোকৰ মৃতদেহ উদ্ধাৰ, দুজনক জীৱন্তে উদ্ধাৰ। বৰ্তমানো এজন নিখোজ।
যোগীঘোপাৰ বোৱালীমাৰীত সংঘটিত হৈছে এই ঘটনা। ভৈৰৱচূড়া পাহাৰৰ নামনিত গড়কাপ্টানী পথৰ পৰা চম্পাৱতী নৈত পৰিল বাহনখন। বাহনখনৰ ভিতৰত আছিল চাৰিজন লোক। বৰপেটাৰ পৰা নিশা মেলা চাই ঘৰলৈ উভতি যোৱাৰ পথত সংঘটিত হয় দুৰ্ঘটনা।
বোৱালীমাৰী ভৈৰৱচূড়া পাহাৰৰ নামনিত কাবাইটাৰী-শালবাৰী গড়কাপ্টানী পথৰে চাপৰলৈ গৈ আছিল লোককেইজন। চাপৰৰ কুৰ্শাকাটীৰ পৰা আহিছিল লোককেইজন। নিশা ঘন কুঁৱলীৰ বাবে বলেৰ বাহনখন পথৰ পৰা চম্পাৱতী নৈত পৰে।
বলেৰ বাহনখন ভিতৰৰ পৰা চাপৰ কুৰ্শাকাটী নলডোবাৰ বক্কাৰ আলীৰ মৃতদেহ উদ্ধাৰ। দুজনকৈ লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। এজন বৰ্তমানো নিখোজ হৈ থকাৰ সন্দেহ কৰা হৈছে।
বাহনখনৰ ভিতৰত আছিল চাৰিজন লোক ক্ৰমে আকিদুল ইছলাম (চালক), আজহাৰ আলী মণ্ডল (নিখোজ) জুব্বাৰ আলী (জীৱিত ) আৰু বক্কাৰ আলী (মৃত্যু)। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 26 J 4352। ঘটনাস্থলীত উপস্থিত হৈ মাজেৰ আলগা আৰক্ষী আৰু SDRF বাহিনী অভিযান চলাই আছে।
ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ
লগতে এইটোও পঢ়ক — ঘৰুৱা ক্রিকেটত অসমৰ ব্যর্থতাৰ অৱসান কেতিয়া! উদ্বিগ্ন সচেতন ক্রিকেট সংগঠক