নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালৰ দৰেই জেন–জি বিদ্রোহ পাকিস্তানত… কিন্তু কিয় ?

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : অন্যায়ভাৱে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানক কাৰাৰুদ্ধ কৰি সংবিধান সলনিৰে সেনাপ্রধান আছিম মুনিৰক বিপুল ক্ষমতা প্রদানৰ ঘটনাত ক্ষুব্ধ হৈ পৰিছে দেশখনৰ জনতা৷

দেশখনৰ ছ’চিয়েল মিডিয়াত এই বিদ্রোহৰ স্পষ্ট প্রভাৱ দেখিবলৈ পোৱা গৈছে৷ এনে পৰিস্থিতিক গুৰুত্বসহকাৰে লৈ ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা জাৰি কৰাৰ পথত আগবাঢ়িছে পাকিস্তান চৰকাৰ৷

শ্বাহবাজ চৰকাৰৰ আইন মন্ত্রী বেৰিষ্টাৰ আকিল মালিকে কয় যে সামাজিক মাধ্যম প্লেটফর্মসমূহে যদি প্রশাসনৰ সৈতে সহযোগিতা নকৰে, তেতিয়াহ’লে সেইবোৰক নিষিদ্ধ কৰিবলৈ বাধ্য হ’ব চৰকাৰ৷

পাকিস্তানৰ এটা শীর্ষ সংবাদ মাধ্যমৰ অনুষ্ঠানত ইমৰান খান আৰু তেওঁৰ সমর্থকসকলৰ একাউণ্ট বন্ধ কৰাৰ কিবা উদ্যোগ লৈছে নেকি চৰকাৰে বুলি সোধা এটা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে চৰকাৰে ইতিমধ্যে এক্স হেণ্ডেলৰ সৈতে যোগাযোগ কৰিছে৷ কিন্তু তেওঁলোকে সঠিকভাৱে সহযোগিতা কৰা নাই৷

You might also like