নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰমশালাত আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ তৃতীয় টি–২০

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : সম্প্রতি কঠিন সময় পাৰ কৰিছে ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলটোৰ অধিনায়ক শুভমন গিলে৷ আলহী দল দক্ষিণ আফ্রিকাৰে খেলি থকা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ ইতিমধ্যে হৈ যোৱা প্রথম দুখন মেচত সম্পূর্ণৰূপে ব্যর্থ হৈছে শুভমন গিল৷ গিলৰ সমান্তৰালকৈ ব্যর্থ হৈছে টি–২০ দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱো৷ দুয়োগৰাকী তাৰকা খেলুৱৈয়ে দীর্ঘদিন ধৰি অর্ধশতকৰ মুখ দেখা নাই৷

শৃংখলাৰ আজি ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূর্ণ মেচখনত গিলৰ লগতে সূর্যকুমাৰ যাদৱেও নিজৰ ছন্দ ওভতাই পাব বুলি আত্মবিশ্বাসী দলীয় মেনেজমেণ্ট৷ টি–২০ বিশ্বকাপলৈ দুমাহৰো কম সময় বাকী থকা অৱস্থাত গিল আৰু সূর্যকুমাৰৰ দুর্বল প্রদর্শনত চিন্তিত হৈ পৰিছে বিচিচিআই৷ আজিৰ মেচখন দুয়োজন খেলুৱৈৰ বাবে অগ্নিপৰীক্ষাস্বৰূপ হৈ পৰিছে৷ যদি আজি ধৰমশালাত উন্নত বেটিং প্রদর্শন দাঙি ধৰিব নোৱাৰে তেতিয়াহ’লে শৃংখলাৰ পৰৱর্তী মেচকেইখনত ভাৰতীয় দলটোৰ মূল একাদশৰ পৰাও বাদ পৰাৰ সম্ভাৱনা আছে গিল আৰু সূর্যকুমাৰ৷

ইপিনে, ভাৰতীয় দলটোৰ বেটিং ক্রমৰ তিনি নম্বৰ স্থানটোক লৈ এতিয়াও সমস্যা আঁতৰা নাই৷ ইতিমধ্যে কেইবাখনো মেচত তিনি নম্বৰ স্থানটোক লৈ পৰীক্ষা–নিৰীক্ষা চলাই থকা হৈছে যদিও এতিয়ালৈকে সুফল লাভ কৰা নাই৷ নিউ চণ্ডীগড়ত সদ্য সমাপ্ত মেচখনত অক্ষৰ পেটেলক তৃতীয় স্থানত বেটিং কৰোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে দলীয় মেনেজমেণ্ট৷ আনহাতে, গিল সম্পূর্ণৰূপে ব্যর্থ হোৱাৰ পিছতো সঞ্জু ছেমছনক মূল একাদশত অন্তর্ভুক্ত নকৰাক লৈও সমালোচনাৰ সন্মুখীন হৈছে নির্বাচক মণ্ডলী৷ যদি আজিৰ মেচত গিলে আকর্ষণীয় ইনিংছ খেলিব নোৱাৰে তেতিয়াহ’লে পৰৱর্তী মেচত গিলৰ স্থানত সঞ্জু ছেমছনক ভাৰতীয় দলটোৰ মূল একাদশত অন্তর্ভুক্ত কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

আজিৰ মেচত জয়লাভ কৰি শৃংখলাটোত ২–১ত অগ্রগতি লোৱাৰ লক্ষ্য লৈছে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ আজিৰ মেচখন সন্দর্ভত ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰে কয় যে দ্বিতীয়খন মেচত আমি আশানুৰূপ প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছিলোঁ৷ মোৰ লগতে দলটোৰ কেইবাগৰাকীও আগশাৰীৰ বেটাৰে নিজৰ ছন্দ অনুসাৰে খেলাত ব্যর্থ হৈছিল৷ আশা ৰাখিছোঁ, এইখন মেচত মোৰ লগতে সতীর্থসকলেও উন্নত বেটিং প্রদর্শন দাঙি ধৰিব পাৰিব আৰু দলৰ জয়ত মুখ্য ভূমিকা ল’ব পাৰিব৷ খেলৰ সময় : নিশা ৭ বজা৷

You might also like