ৰাজ্যিক মৰ্যাদাৰে পি জি বৰুৱাৰ শেষকৃত্য সম্পন্ন
প্ৰখ্যাত সাংবাদিক ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱা— যাক সকলোৱে পি জি বৰুৱা নামেৰে চিনিছিল— ১৯৬৬ চনত অসম ট্ৰিবিউন গোটৰ পৰিচালক হিচাপে দায়িত্ব গ্ৰহণ কৰে। পিছলৈ ১৯৯৭ চনত তেওঁ সংবাদপত্ৰখনৰ সম্পাদকৰ দায়িত্বও গ্ৰহণ কৰিছিল।
জ্যেষ্ঠ সাংবাদিক তথা দ্য আছাম ট্ৰিবিউনৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ শেষকৃত্য সোমবাৰে দুপৰীয়া গুৱাহাটীৰ নবগ্ৰহ শ্মশানত পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়।
৯০ ঊৰ্ধ্ব সাংবাদিকগৰাকী, পদ্মশ্ৰী সন্মানপ্ৰাপ্ত পি জি বৰুৱাই দেওবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিং হোমত বয়সজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল।
প্ৰখ্যাত সাংবাদিক ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱা— যাক সকলোৱে পি জি বৰুৱা নামেৰে চিনিছিল— ১৯৬৬ চনত অসম ট্ৰিবিউন গোটৰ পৰিচালক হিচাপে দায়িত্ব গ্ৰহণ কৰে। পিছলৈ ১৯৯৭ চনত তেওঁ সংবাদপত্ৰখনৰ সম্পাদকৰ দায়িত্বও গ্ৰহণ কৰিছিল।
সোমবাৰে তেওঁৰ নশ্বৰ দেহ প্ৰথমে চানমাৰিস্থিত বাসগৃহত ৰখা হয়, য’ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ তথা বিভিন্ন ক্ষেত্ৰৰ লোকসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত দেহটো দ্যা অসম ট্ৰিবিউনৰ কাৰ্যালয়লৈ নি যোৱা হয়, য’ত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী, সাংবাদিক আৰু বিভিন্নজন ব্যক্তিয়ে শ্ৰদ্ধা নিবেদন কৰে।
পিছত নৱগ্ৰহ শ্মশানত অনুষ্ঠিত শেষকৃত্য অনুষ্ঠানত পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন, ট্ৰিবিউন গোটৰ কৰ্মচাৰী আৰু বহু গণ্য-মান্য লোক উপস্থিত থাকে। অসম চৰকাৰৰ হৈ মন্ত্ৰী অজন্তা নেওগ আৰু পীযূষ হাজৰিকাই এই শেষকৃত্যত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰে।
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ