চিকেন নেকৰ সুৰক্ষাত ‘আইৰন ডোম’ নির্মাণ : শিলিগুৰিৰ আকাশ-কঁপাই উৰিল ৰাফেল
ভাৰতে স্থাপন কৰা সামৰিক ঘাটি তিনিটা হ’ল– অসমৰ ধুবুৰীত, পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ চোপ্রাত আৰু বিহাৰৰ কিষাণগঞ্জত৷ উল্লেখ্য যে চিকেন নেকৰ পৰা ধুবুৰীৰ দূৰত্ব প্রায় ২৪০ কিঃমিঃ৷ সেইদৰে চোপ্রা ৫২ কিঃমিঃ আৰু কিষাণগঞ্জ প্রায় ১৮০ কিঃমিঃ দূৰৈত আছে চিকেন নেকৰ পৰা৷ চোপ্রাৰ সামৰিক ঘাটি বাংলাদেশ সীমান্তৰ ১ কিঃমিঃতকৈও কম দূৰত্বত অৱস্থিত৷
শিলিগুৰিৰ চিকেন নেকৰ আকাশ কঁপাই ভাৰতীয় বায়ুসেনাই এইবাৰ উৰালে অত্যাধুনিক প্রযুক্তিৰ যুদ্ধবিমান ৰাফেল৷ অকল ৰাফেলৰ উৰণেই নহয়, অসমসহ উত্তৰ–পূর্বাঞ্চলৰ সাতখন ৰাজ্যক দেশৰ মূল ভূ–খণ্ডৰ সৈতে সংযোগ কৰা ২২ কিলোমিটাৰ দৈর্ঘ্যৰ চিকেন নেক বা শিলিগুৰি কৰিড’ৰ সুৰক্ষিত কৰিবলৈ ভাৰতে ‘আইৰন ডোম’ নির্মাণ কৰিছে৷
আগ্রাসী ৰঙা চীনৰ লগতে আন এখন চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ শেহতীয়া ভাবুকিক আওপকীয়াকৈ প্রত্যুত্তৰ দি সামৰিক দিশৰ পৰা কৌশলগতভাৱে এই স্পর্শকাতৰ এলেকাটোত নিৰাপত্তা সুনিশ্চিত কৰাৰ হকে ব্যাপকভাৱে তৎপৰ হৈ পৰিছে নতুন দিল্লী৷
চোৰাংচোৱা সূত্রৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি একমাত্র চিকেন নেকৰ বাবেই বিশেষ নিৰাপত্তা বলয় গঢ়ি তোলা হৈছে৷ যাৰ অংশ হিচাপে অসম, পশ্চিমবংগ আৰু বিহাৰ– এই তিনিওটা দিশৰ পৰা ঘেৰি ৰখা হৈছে নিৰাপত্তা ব্যৱস্থাৰে৷ এই তিনিওটা দিশতেই ভাৰতীয় সেনাই সামৰিক ঘাটি গঢ়ি তুলিছে৷ য’ত পেৰা স্পেচিয়েল ফ’চ, চোৰাংচোৱা ইউনিট, আৰডিএফ বাহিনীৰ সমান্তৰালভাৱে মোতায়েন কৰা হৈছে ৰাফেল যুদ্ধবিমান, ব্রাহ্মোছ ক্ষেপণাস্ত্র আৰু উন্নত বিমান প্রতিৰক্ষা ব্যৱস্থা৷
ভাৰতে স্থাপন কৰা সামৰিক ঘাটি তিনিটা হ’ল– অসমৰ ধুবুৰীত, পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ চোপ্রাত আৰু বিহাৰৰ কিষাণগঞ্জত৷ উল্লেখ্য যে চিকেন নেকৰ পৰা ধুবুৰীৰ দূৰত্ব প্রায় ২৪০ কিঃমিঃ৷ সেইদৰে চোপ্রা ৫২ কিঃমিঃ আৰু কিষাণগঞ্জ প্রায় ১৮০ কিঃমিঃ দূৰৈত আছে চিকেন নেকৰ পৰা৷ চোপ্রাৰ সামৰিক ঘাটি বাংলাদেশ সীমান্তৰ ১ কিঃমিঃতকৈও কম দূৰত্বত অৱস্থিত৷
ফলত তাৰ পৰা চুবুৰীয়া দেশখনৰ ওপৰত নজৰ ৰখাটো ভাৰতীয় সেনাৰ বাবে তুলনামূলকভাৱে সহজসাধ্য৷ ইয়াৰ মাজতে শিলিগুৰিৰ আকাশত ৰাফেলৰ দৰে অত্যাধুনিক প্রযুক্তিৰ যুদ্ধবিমানৰ উৰণ যথেষ্ট তাৎপর্যপূর্ণৰূপে বিবেচিত হৈছে৷ শেহতীয়াকৈ মাত্র কেইমিনিটমানৰ ব্যৱধানতে শিলিগুৰিৰ নীলিম আকাশৰ বুকু ভেদি উৰণ কার্য সম্পন্ন কৰে ইখনৰ পিছত সিখন ৰাফেল যুদ্ধবিমানে৷
ইয়াক কেন্দ্র কৰি জনসাধাৰণৰ মাজত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ চকুৰে মনিব নোৱাৰা উচ্চতালৈ গৈ ৰাফেলে উৰণৰ আখৰা সমাপন কৰে৷ সেই সময়ত আকাশত বগা ধোঁৱাৰ ৰেখা দেখি বহুতেই প্রথমতে ভাবিছিল সেয়া হয়তো ৰকেট৷ কিন্তু পিছমুহূর্ততে যেতিয়া বিপৰীত দিশৰ পৰা আন এখন বিমান উৰি অহা প্রত্যক্ষ কৰে, তেতিয়াহে মানুহৰ ভুল ভাগে৷
কেতিয়াবা যদি দুয়োখন ৰাফেল যুদ্ধবিমানে অতি ওচৰা–উচৰিকৈ উৰিছে, কেতিয়াবা আকৌ আকাশত দেখা গৈছিল বিপৰীতমুখীকৈ৷ জানিব পৰা মতে, এয়া আছিল ভাৰতীয় বায়ুসেনাৰ ৰুটিনমাফিক সামৰিক আখৰা৷ য’ত অংশ লয় দুখন ৰাফেল যুদ্ধবিমানে৷ বায়ুসেনাৰ ৰাফেল যুদ্ধবিমানৰ দুটা স্কোৱাড ড্রন আছে৷
ইয়াৰে এটা পঞ্জাবৰ আম্বালাত আৰু আনটো পশ্চিমবংগৰ হাছিমাৰাত৷ অত্যাধুনিক প্রযুক্তিৰ এই যুদ্ধবিমানৰ জৰিয়তে স্থলভাগত আক্রমণ তথা ইলেক্ট্রনিক ৱাৰফেয়াৰ ড্রিল সম্ভৱপৰ৷ সমতল আৰু পাহাৰ উভয় এলেকাত আক্রমণৰ অভিযানৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় বায়ুসেনাই এই আখৰা সম্পন্ন কৰে৷
কিন্তু ৰুটিনমাফিক আখৰা হ’লেও শিলিগুৰিৰ আকাশত ৰাফেল যুদ্ধবিমানৰ উৰণ ভাৰতৰ সামৰিক কৌশলগত দিশৰ পৰা যথেষ্ট গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷ কিয়নো, চিকেন নেকৰ ওপৰত ৰঙা চীনৰ চকু দীর্ঘদিনীয়া৷ তাৰ মাজতে এই স্পর্শকাতৰ এলেকাক লৈ শেহতীয়াকৈ এক বিতর্কিত মন্তব্য কৰিছিল বাংলাদেশৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশত হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰাই ঢ়াকাই ক্রমশঃ আকৃষ্ট হৈ পৰিছে চিৰবৈৰী ৰাষ্ট্র পাকিস্তান আৰু আগ্রাসী ৰঙা চীনৰ বিদেশ নীতিৰ প্রতি৷ ইতিপূর্বে প্রকাশিত বাতৰি অনুসৰি বাংলাদেশে ২.২ বিলিয়ন ডলাৰ মূল্যৰ চীনা জে–১০ চি যুদ্ধবিমান কিনিবলৈ পৰিকল্পনা কৰিছে৷
তদুপৰি ড্রোন নির্মাণৰ ক্ষেত্রত বেইজিঙৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িছে ঢ়াকাই৷ ইয়াৰ বিপৰীতে পাকিস্তানে জে এফ–১৭ ব্লক চি ফাণ্ডাৰ জেড বিমান বাংলাদেশলৈ সৰবৰাহ কৰাৰো বাতৰি প্রকাশ পাইছে৷ বাংলাদেশৰ এনে পাক–চীনপ্রীতিক সহজভাৱে ল’ব বিচৰা নাই নতুন দিল্লীয়ে৷ ২২ কিঃমিঃ দৈর্ঘ্যৰ চিকেন নেকেই উত্তৰ–পূর্বাঞ্চলৰ চাৰে চাৰি কোটিৰো অধিক জনসাধাৰণক দেশৰ মূল ভূ–খণ্ডৰ সৈতে সংযুক্ত কৰিছে৷ সেয়েহে এতিয়া প্রতিৱেশীৰ নজৰত থকা চিকেন নেকৰ সুৰক্ষাৰ বিষয়টোক কোনো কাৰণতে কেন্দ্রীয় চৰকাৰে অৱহেলা কৰিব বিচৰা নাই বুলি চোৰাংচোৱা সূত্রটোত প্রকাশ৷
ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ