পথ সুৰক্ষাৰ বাবে নতুন ব্যৱস্থা : এনফৰ্চমেণ্টক প্ৰদান ৮৪টা ৰোড ছেফটী কীট
নতুন বছৰৰ পূৰ্বে সতৰ্ক পৰিবহণ বিভাগ, সুৰাপায়ী আৰু বেপৰোৱা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
নতুন বছৰৰ আগমনৰ পূৰ্বে পথ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশেষভাৱে সাজু হৈছে পৰিবহণ বিভাগ। এতিয়াৰে পৰা সুৰাপান কৰি অথবা অত্যধিক গতিত বাহন চলালে পৰিবহণ বিভাগৰ কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব চালকসকলে। সুৰাপান আৰু বেপৰোৱা গতিত বাহন চলোৱাৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিভাগে একাধিক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
কামৰূপ জিলা পৰিবহণ বিভাগৰ অধীনত থকা এনফৰ্চমেণ্ট শাখাক অত্যাধুনিক সঁজুলিৰে সজ্জিত কৰা হৈছে। এই সন্দৰ্ভত মঙলবাৰে পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে ৮৪টা ৰোড ছেফটি কীট আনুষ্ঠানিকভাৱে বিতৰণ কৰে। প্ৰতিটো কীটত এটা বডী কেমেৰা, এটা স্পীড গান আৰু এটা ডেস্ক কেমেৰা অন্তৰ্ভুক্ত কৰা হৈছে। এই সঁজুলিৰ জৰিয়তে অত্যধিক গতিৰে বাহন চলোৱা চালকক সহজে চিনাক্ত কৰি জৰিমনা আৰোপ কৰা হ’ব।
ইফালে, বৰদিন আৰু নৱবৰ্ষৰ পূৰ্বে সুৰাপায়ী চালকক নিয়ন্ত্ৰণ কৰিবলৈ স্বয়ং পৰিবহণ মন্ত্ৰী চৰণ বড়ো ৰাজপথলৈ নামি আহে। মহানগৰীৰ ABC পইন্টত তেওঁ এনফৰ্চমেণ্ট বিষয়াসকলৰ সৈতে তালাচী অভিযানত অংশগ্ৰহণ কৰে। ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰি বাহন চালকৰ বিৰুদ্ধে চলোৱা এই অভিযানত সুৰাপান কৰি বাহন চলোৱা চালকক চিনাক্ত কৰা হয়।
পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে উল্লেখ কৰে যে এই ধৰণৰ নিয়মিত অভিযান আৰু সজাগতাৰ ফলস্বৰূপে পূৰ্বৰ তুলনাত প্ৰায় ১৬ শতাংশ পথ দুৰ্ঘটনা হ্ৰাস পাইছে। আগন্তুক দিনতো পথ সুৰক্ষা অধিক শক্তিশালী কৰিবলৈ অভিযান অব্যাহত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে।
ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ