নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এগৰাকী উদীয়মান ক্ৰিকেটাৰৰ মৃত্যু : দল-সংগঠনৰ শোক

ভাস্কৰ জ্যোতি মহন্ত এগৰাকী দক্ষ ক্রিকেট খেলুৱৈ আছিল। তেওঁ অসম ক্রিকেট দলৰ হৈ বিভিন্ন ৰাজ্যত কেইবাবাৰো মেনেজাৰ হিচাবে আছিল

গোৱালপাৰা পূৱ বিধানসভা সমষ্টি সমিতিৰ অসম গণ পৰিষদৰ  তথ্য আৰু প্ৰযুক্তি সম্পাদক তথা সুদক্ষ ক্ৰিকেটাৰ ভাস্কৰজ্যোতি মহন্ত (পাপ্পু)ই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

ভাস্কৰ জ্যোতি মহন্ত এগৰাকী দক্ষ ক্রিকেট খেলুৱৈ আছিল। তেওঁ অসম ক্রিকেট দলৰ হৈ বিভিন্ন ৰাজ্যত কেইবাবাৰো মেনেজাৰ হিচাবে আছিল। মহন্তই ভাল খেলুৱৈ হোৱাৰ উপৰিও গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সক্ৰিয় সদস্য থকাৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

মাত্ৰ ৪৫ বছৰতে অকাল মৃত্যুক আঁকোৱালি লোৱা ভাস্কৰ জ্যোতি মহন্তৰ শৱদেহত গোৱালপাৰা জিলা অসম গণ পৰিষদৰ কাৰ্যালয়ৰ লগত জেনিথ ক্লাৱত শ্ৰদ্ধাঞ্জলি দিয়া হয়। অসম গণ পৰিষদৰ পৰিয়াল বৰ্গৰ তৰফৰ পৰা তেওৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

একেদৰে গোৱালপাৰা জিলা সাংবাদিক সন্থা, ক্ৰীড়া সন্থা, জিলা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা আমছুৰ সভাপতি ইমদাদ হুছেইন, জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গোৱালপাৰা জিলা সাংবাদিক সন্থা, গোৱালপাৰা জিলা এন এছ ইউ আই, গৰীয়া জাতীয় পৰিষদ আদিকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি তেওৰ বিদেহ আত্মাৰ  চিৰ শান্তি কামনা কৰে।

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৭ ডিচেম্বৰ

You might also like