‘জিৰামজি’ বিধেয়কত কর্মদিন ১০০ৰ পৰা ১৫০লৈ বৃদ্ধিৰ প্রস্তাৱ
ই এটা কেৱল প্রশাসনিক পদক্ষেপেই নহয়, ই একে সময়তে গ্রাম্য উন্নয়ন প্রকল্পৰ দর্শনগত বুনিয়াদৰ ওপৰত আঘাত
লোকসভাত ‘জিৰামজি’ বিধেয়ক উত্থাপন কৰে কেন্দ্রীয় কৃষি আৰু গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে৷ পূর্বৰ মহাত্মা গান্ধী নেচনেল ৰুৰেল এম্পাৱাৰমেণ্ট গেৰাণ্টী এক্ট–২০০৫ চমুকৈ ‘মনৰেগা’ৰ নাম সলাই এই প্রকল্পৰ নতুন নাম দিয়া হৈছে বিকশিত ভাৰত–গেৰাণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্রামীণ) চমুকৈ জিৰামজি৷
পূর্বে মনৰেগাৰ অধীনত ১০০ দিনীয়া যি কর্মদিনৰ ব্যৱস্থা আছিল তাক জিৰামজিৰ অধীনত বৃদ্ধি কৰি ১৫০ দিন কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে লোকসভাত বিধেয়কখন উত্থাপন কৰাৰ লগেলগেই হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ বিৰোধী সাংসদসকলে হাতে হাতে গান্ধীৰ ছবি লৈ বিক্ষোভ প্রদর্শন কৰে৷ গ্রামীণ ৰোজগাৰ প্রকল্পৰ পৰা মহাত্মা গান্ধীৰ নাম বাদ দিয়াৰ প্রতিবাদত সৰৱ হৈ উঠে বিৰোধী সাংসদসকল৷
সংসদ ভৱনৰ বাহিৰৰ মকৰ দ্বাৰত কংগ্রেছ সাংসদ প্রিয়ংকা গান্ধীৰ নেতৃত্বত বিক্ষোভত মিলিত হয় বিৰোধী সাংসদসকল৷ সংসদৰ সন্মুখৰ গান্ধীৰ মূর্তিৰ সন্মুখতো প্রতিবাদ সাব্যস্ত কৰে৷ প্রকল্পটোৰ নাম সলোৱাৰ বিৰুদ্ধে সৰৱ হৈছে তিৰুৱনন্তপুৰমৰ কংগ্রেছ সাংসদ শশী থাৰুৰো, যাক শেহতীয়াকৈ বিভিন্ন বিষয়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রশংসা আৰু কংগ্রেছ নেতৃত্বৰ সমালোচনা কৰা দেখা গৈছে৷
এই সন্দর্ভত তেওঁ মন্তব্য কৰে যে গান্ধীৰ নাম বাদ দিয়া হ’লে প্রকল্পৰ নৈতিক উদ্দেশ্যই ব্যাহত হ’ব৷ তেওঁ কয়– ‘ই এটা কেৱল প্রশাসনিক পদক্ষেপেই নহয়, ই একে সময়তে গ্রাম্য উন্নয়ন প্রকল্পৰ দর্শনগত বুনিয়াদৰ ওপৰত আঘাত৷’
ইফালে, নাম সলনি কৰা সম্পর্কীয় অভিযোগ খাৰিজ কৰি মন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে চৰকাৰে গান্ধীৰ আদর্শ মানিয়েই কাম কৰে৷ তেওঁৰ ভাষাত– ‘মোদী চৰকাৰে মহাত্মা গান্ধীৰ আদর্শক বিশ্বাস কৰে৷ সেইবাবেই পূর্বৰ চৰকাৰসমূহৰ তুলনাত এইখন চৰকাৰে গ্রাম্য উন্নয়নৰ বহু বেছি কাম কৰিছে৷’ তেওঁ লগতে প্রশ্ণ তোলে যে বিৰোধী পক্ষৰ ৰাম নামৰ ক্ষেত্রত আপত্তি কিহৰ৷
ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ