পোহনীয়া কুকুৰে কামুৰিলে মালিকৰ বিৰুদ্ধে FIR
পথৰ কুকুৰক লৈ চলি থকা এটা গোচৰৰ অন্তিম শুনানিত স্কুল, ৰে’ল ষ্টেচন, হাস্পতাল আদিৰ সন্মুখৰ পৰা তেনে কুকুৰক আঁতৰোৱাৰ নির্দেশ উচ্চতম ন্যায়ালয়ে দিয়াৰ সময়তে পোহনীয়া কুকুৰক লৈ এটা নতুন নিয়ম বলৱৎ কৰিছে ডেৰাডুন পৌৰসভাই৷
ডেৰাডুন ডগ লাইচেঞ্চিং বাইলজ–২০২৫ৰ অধীনত যদি কোনো পোহনীয়া কুকুৰে কাৰোবাক কামোৰে তেন্তে কুকুৰটোৰ মালিকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হ’ব পাৰে আৰু কুকুৰটোৰ হ’ব পাৰে হাজোত বাস৷
ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ