দক্ষিণ আফ্রিকাৰে আজি অন্তিম টি-২০, শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ
নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : দক্ষিণ আফ্রিকাৰ বিপক্ষে টি–২০ শৃংখলা দখল কৰি আগন্তুক টি–২০ বিশ্বকাপলৈ সাজু হোৱাৰ লক্ষ্য লৈছে টীম ইণ্ডিয়াই ৷ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজত চলি থকা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ পঞ্চম তথা অন্তিমখন মেচ আজি আহমেদাবাদত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোত ২–১ত অগ্রগতি লাভ কৰি থকা সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰাৰ লক্ষ্য লৈছে৷
অত্যধিক কুঁৱলীৰ বাবে চতুর্থখন মেচ বাতিল হোৱাত আজিৰ মেচখন ভাৰতৰ লগতে দক্ষিণ আফ্রিকাৰ বাবেও গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ আজিৰ মেচত যদি টীম ইণ্ডিয়াই জয়লাভ কৰে তেতিয়াহ’লে ঘৰুৱা দলটোৱে শৃংখলাটো ৩–১ত দখল কৰিব৷ যদি দক্ষিণ আফ্রিকাই জয়লাভ কৰে তেতিয়াহ’লে শৃংখলাটো ২–২ত অমীমাংসিত হ’ব৷
মন কৰিবলগীয়া যে বিগত ২০১৫ চনৰ পৰা প্রটিয়াজ বাহিনীয়ে ভাৰতত টি–২০ শৃংখলা দখল কৰিবলৈ সক্ষম হোৱা নাই৷ ইপিনে, আজিৰ মেচখনৰ পূর্বে ভাৰতীয় দলটোত আঘাতৰ সমস্যাই দেখা দিছে৷ আঙুলিত পোৱা আঘাতৰ বাবে সহঃ অধিনায়ক শুভমন গিল শৃংখলাটোৰ পৰা বাহিৰ হোৱা বুলি সংবাদ প্রতিষ্ঠানৰ সূত্রত সদৰী৷ তাৰকা বেটাৰগৰাকীয়ে চতুর্থখন টি–২০ মেচৰ পূর্বে কৰা অনুশীলনৰ সময়ত আঙুলিত আঘাত পায়৷ গিলৰ অনুপস্থিতিত অন্তিমখন মেচত ভাগ্য উদয় হ’ব সঞ্জু ছেমছনৰ৷ শৃংখলাটোত ভাৰতীয় দলটোত স্থান লাভ কৰিলেও ছেমছনে এতিয়ালৈকে মূল একাদশত খেলাৰ সুযোগ লাভ কৰা নাই৷
ইফালে, শৃংখলাটোত আশানুৰূপ বেটিং প্রদর্শন দাঙি ধৰিব পৰা নাই অধিনায়ক সূর্যকুমাৰে৷ আজিৰ মেচখনত নিজৰ ছন্দ ওভতাই আনিব পাৰিব বুলি আশা ব্যক্ত কৰি সূর্যকুমাৰ যাদৱে কয় যে ব্যক্তিগত কাৰণৰ বাবে তৃতীয়খন মেচত অংশ ল’ব নোৱাৰা তাৰকা বলাৰ বুমৰাহে চতুর্থখন মেচৰ পূর্বে দলত যোগদান কৰিছে৷ আজিৰ গুৰুত্বপূর্ণ মেচখনত বুমৰাহে খেলাটো নিশ্চিত বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে এইখন মেচত সতীর্থসকলে উন্নত প্রদর্শন দাঙি ধৰি শৃংখলা দখলত সহায় কৰিব বুলি এতিয়া আশাবাদী৷
খেলৰ সময় : নিশা ৭ বজা৷