নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত “ফৰ্মুদ গৰীয়াৰ প্ৰেম কাহিনী”

দৰঙত হিন্দু -ইছলামৰ সাংস্কৃতিক সমন্বয়ৰ পটভুমিক লৈ ৰচিত “ফৰ্মুদ গৰীয়াৰ প্ৰেম কাহিনী” নাটকখন যোৱানিশা ছিপাঝাৰত মঞ্চস্হ কৰা হয়।ছিপাঝাৰ শ্বহীদ ভৱনত চলি থকা “জনকনন্দিনী” “শীৰ্ষক সাতদিনীয়া সমাৰোহত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ ৰচিত নাটকখন পৰিবেশন কৰা হয়।

দৰঙৰ নগৰৰাহী অঞ্চলত মৌখিক ভাবে  প্ৰচলিত “ফর্মুদ-পমীলা”ৰ. প্ৰেম কাহিনীৰ আলমত ৰচিত নাটখনিত  দৰঙৰ মুছলমান সমাজৰ মাজত প্ৰচলিত চেৰা-টেক, শঙেলী গীত, আইনাম, বিয়ানাম আদি বিভিন্ন লোক কলাৰ উপস্হাপন কৰা হৈছে।ধৰ্ম সম্প্ৰদায়ৰ তুলনাত মানৱতাৰ চিন্তনক অগ্ৰাধিকাৰ দি ৰচিত নাটখনি পৰিচালনা কৰে মাণিক আহমেদে।

উল্লেখ যোগ্য যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ‘অসম কলাতীৰ্থ’ৰ সৌজন্যত এছ বি মুভিজৰ নিবেদনত অনুষ্ঠিত হোৱা নাট সমাৰোহৰ দ্বিতীয় নিশাৰ নিবেদন” ফৰ্মুদ গৰীয়াৰ প্ৰেম কাহিনী”ৰ পূৰ্বে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে তিনিগৰাকী লোক শিল্পীক  আৰ্থিক অনুদান প্ৰদান কৰে।

ইফালে নাট উদ্ধোধন কৰি দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই উদ্যোক্তা সকলৰ প্ৰয়াসৰ শলাগ লয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক কৰ্মী হবিবুৰ ৰহমান, সাংবাদিক ৰণ্ জিত কুমাৰ নাথ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যাদৱ চন্দ্ৰ শৰ্মা।

হিন্দু আৰু মুছলমানৰ সমন্বয় আৰু জিলাখনত প্ৰচলিত লোককৃষ্টিৰ আধাৰত ড০ পৰমানন্দ ৰাজবংশী ৰচিত “ফৰ্মূদ গৰীয়াৰ প্ৰেম কাহিনী” শীৰ্ষক নাটকখন ফৰ্মুদ আৰু পমীলাৰ প্ৰেম কাহিনীৰ আধাৰত ৰচিত হ’লেও দৰঙৰ নাঙেলী, আইনাম, বিয়ানাম আদি লোককৃষ্টিৰ উপস্থাপনে  নান্দনিকতা প্ৰদান কৰে্।মূলত দৰঙৰ জনজীৱনৰ প্ৰতিফলন ঘটা নাটখনৰ অভিনয় শিল্পী সকলৰ মননশীল অভিনয় আৰু পোহৰ -সংগীতৰ অৰ্থবহ উপস্থাপনে নাটক খন উপভোগ্য কৰি তুলিছিল।

নাট খনৰ শিল্পী সকল ক্ৰমে জুৰি শৰ্মা, ড° নাচিফা ইছলাম ৰাজবংশী,দ্বিপান্বিতা দাস,কৃত্তনা দাস, জিয়া শ্রুতি দাস, ডিম্পী বর্মন,পিয়া বৰুৱা, ৰিতুপর্ণা কলিতা, কীর্তনা দাস, সুবর্ণ দিপ্ত নাথ,কুণ্ডল বেজবৰুৱা, ঋষভ বৰা ৰূপম চেতিয়া,অমৰ জিৎ শৰ্মা,নিবিৰ বৰা, পুৰঞ্জয় কলিতা,দেৱজিৎ শইকীয়া আজিমউদ্দিন, ড° মুনিন দাস।ড° চৈয়দা মুছফিয়া বেগম, মনিকা দেৱী, মল্লীকা দেৱী।সংগীত প্ৰতাপ শৰ্মা,পোহৰ আছিল তপন বৰুৱাৰ। সমাৰোহৰ দ্বিতীয় নিশাৰ নাটখনিয়ে নাট্য ৰসিকক বিশেষ ভাবে আমোদ দিবলৈ সক্ষম হয়।

নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ২৬ ডিচেম্বৰ 

You might also like