গুৱাহাটীত চলি থকা অসম গ্রন্থমেলাত জুবিন বিষয়ক অর্ধ–শতাধিক গ্রন্থ
ছিংগাপুৰৰ ৰহস্যজনক মৃত্যুৰ পিছতে শিল্পী জুবিন গার্গৰ সৃজনীসত্তাৰ বৌদ্ধিক আৰু বিদ্যায়তনিক চর্চাৰ প্রাসংগিকতা আহি পৰিছে৷ অসমীয়া জাতিৰ অন্যতম মহীৰূহগৰাকীৰ প্রয়াণৰ পিছত তেওঁৰ মৃত্যুৰ দুখে একপ্রকাৰ কাবু কৰি ৰখা জাতিটোৱে উপলব্ধি কৰিবলৈ সক্ষম হ’ল শিল্পীগৰাকীৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ অপূর্ব সমাহাৰ৷
এনে প্রেক্ষাপটতে শিল্পী জুবিন গার্গৰ বহুমুখী প্রতিভাৰ ওপৰত শিল্পীগৰাকীৰ গীত, কবিতা, সাক্ষাৎকাৰ আৰু জীৱনশৈলীৰ ওপৰত আলোচনা হৈছে আৰু প্রকাশ হৈছে পঞ্চাশখনৰো অধিক গ্রন্থ৷ জুবিন গার্গ বিষয়ক এই গ্রন্থসমূহত চর্চিত হৈছে শিল্পীগৰাকীৰ বৌদ্ধিক আলোচনা৷ জীৱিত জুবিনৰ সত্তাতকৈ মৃত্যুৰ পিছত জুবিনৰ অবিনশ্বৰতাক বিচাৰি প্রকাশিত গ্রন্থসমূহত লেখক–গ্রন্থকাৰসকল সন্দিহান হোৱাৰ বিপৰীতে শিল্পী জুবিনক আৱিষ্কাৰ কৰিবলৈ গৈ শত–সহস্র পাঠকে আশ্রয় ল’বলগা হৈছে গ্রন্থমেলাত প্রকাশিত বিভিন্ন লেখক–গ্রন্থকাৰৰ জুবিন গার্গ বিষয়ক গ্রন্থসমূহত৷
জুবিনবিহীন নৱবর্ষৰ প্রথমটো দিনত খানাপাৰাৰ খেলপথাৰত হৈ থকা অসম প্রকাশন পৰিষদৰ গ্রন্থমেলাতো জুবিন গার্গ বিষয়ক গ্রন্থ বিচাৰি ভিৰ কৰে সহস্রজন পাঠক, অধ্যয়নপিপাসীসকলে৷ মূলতঃ শিল্পী জুবিন গার্গ, বিপ্লৱী জুবিন গার্গ আদিৰে নানানটা অভিধা দিব পৰা শিল্পীগৰাকীক বুজিবৰ কাৰণে শিশুৰ পৰা বয়স্ক পাঠকে ক্রয় কৰে বিভিন্ন লেখক–গ্রন্থকাৰৰ গ্রন্থ৷
এই গ্রন্থসমূহৰ ভিতৰত গ্রন্থমেলাত সহজে পাব পৰা গ্রন্থকেইখনৰ ভিতৰত আঁক–বাঁকে প্রকাশ কৰা জুবিনৰ স্বৰচিত ৰচনা ‘জুবিনৰ পদ্য’ অন্যতম৷ জুবিন গার্গ বিষয়ক অন্যান্য গ্রন্থসমূহৰ ভিতৰত ড০ হীৰেন গোহাঁই সম্পাদিত ‘জুবিন গার্গৰ জগত’, জুবিন পিতৃ কপিল ঠাকুৰৰ ৰচিত ‘পিতৃৰ দৃষ্টিত জুবিন’, মৃণাল কুমাৰ বৰাৰ ‘জুবিন বৈভৱ’, ভাস্কৰ বর্মন আৰু কৌশিক কুমাৰ ডেকাৰ সম্পাদিত ‘অমৃতকণ্ঠ জুবিন গার্গৰ জীৱন আৰু গান’, ড০ পংকজ গোস্বামী সম্পাদিত মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গ, নীলিম অনুৰাগৰ ‘জুবিনৰ গান’, মণ্টু শইকীয়াৰ সম্পাদনাত প্রকাশিত ‘জুবিন গার্গ জীৱনৰ পৰা গানলৈ’, মৃদুল কুমাৰ সন্দিকৈৰ ‘ৰাংছাং’, ড০ অৰবিন্দ দেৱনাথ আৰু ৰুবী চহৰীয়াৰ সম্পাদিত ‘সূর্যকণ্ঠ জুবিন গার্গ’, ড০ ধ্রুৱজ্যোতি দাস আৰু উজ্জ্বল বৰা সম্পাদিত ‘জুবিন গার্গঃ গীত গোৱা দার্শনিকজন’, উজ্জ্বল বৰাৰ সম্পাদিত ‘বাটৰে শেষতে বাট চাওঁ তোমালে’, মাণিক পালৰ ‘মায়াবিনী যাত্রা’, জোনাক যুগান্তৰ বৰাৰ ‘জুবিন গার্গ ইত্যাদি’, পুলিন কলিতাৰ ‘কিমান বিশাল এই সাগৰ’, সুমন দত্তৰ ‘জুবিন গার্গ সৃষ্টি আৰু দর্শন’, দেৱজিৎ ভূঞাৰ ‘মায়াবিনী ৰাতিৰ বুকুত’, নীলকান্ত শইকীয়াৰ সম্পাদনাত প্রকাশিত ‘মই কাঞ্চনজংঘা’ আদিয়েই প্রধান৷ এই গ্রন্থসমূহত জুবিন গার্গৰ অবর্তমানত অনুৰাগীসকলে বিচাৰি ফুৰিছে জুবিন গার্গৰ সীমাহীন ব্যাপকতা, আত্মাৰ অনুসন্ধান৷ গ্রন্থমেলাৰ বিপণীয়ে বিপণীয়ে শিশুৰ পৰা বয়স্ক পাঠকলৈ ভিৰ কৰিছে জুবিন গার্গক বিচাৰি৷ প্রকাশক আৰু গ্রন্থ বিক্রেতাসকলেও অন্যান্য কিতাপৰ তুলনাত জুবিন গার্গ বিষয়ক গ্রন্থ বিক্রী ভাল বুলি সদৰী কৰিছে৷
৯ দিনত ৪ কোটি ৭০ লাখ টকাৰ গ্রন্থ বিক্রী
নৱবর্ষৰ পহিলা দিনটোত উৎসাহী পুথিপ্রেমীৰ বিপুল সমাৱেশ হয় অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাহ যৌথভাৱে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্রন্থমেলা, গুৱাহাটীত৷ পুৱা গ্রন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্রোতে সন্ধিয়ালৈ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে খানাপাৰা বাকৰিত৷
বছৰৰ প্রথম দিনটো গ্রন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্রেমী বিদ্বৎ সমাজ, জ্ঞানান্বেষী শিক্ষার্থী আৰু লেখক–সাহিত্যিকৰ বিশাল সমাৱেশে অসম গ্রন্থমেলা, গুৱাহাটীত উছৱৰ লহৰ সৃষ্টি কৰে৷ বিপণীত হেঁপাহৰ গ্রন্থ ক্রয় কৰি নৱবর্ষ ২০২৬ক স্বাগতম জনায় পঢ়ুৱৈ সমাজে৷ কিতাপ বিক্রীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্রকাশন পৰিষদৰ লগতে আন আন প্রকাশন গোষ্ঠীসমূহে৷
যোৱা ২৪ ডিচেম্বৰৰ পৰা ১ জানুৱাৰী পর্যন্ত প্রায় ৪ কোটি ৭০ লাখ টকাৰ গ্রন্থ বিক্রী হোৱা বুলি জনাইছে উদ্যোক্তাসকলে৷
ডিজিটেল ডেস্ক, ২ জানুৱাৰী