টি-২০ বিশ্বকাপলৈ সাজু কেংগাৰু বাহিনী : তিনি আঘাতপ্রাপ্তক স্থান দি দল ঘোষণা
নৱবর্ষৰ প্রথম দিনটোতে টি–২০ বিশ্বকাপলৈ প্রাৰম্ভিক দল ঘোষণা কৰিলে অষ্ট্রেলিয়াই৷ অহা ৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ বাবে ঘোষণা কৰা অষ্ট্রেলিয়াৰ প্রাৰম্ভিক দলটোত স্থান দিয়া হৈছে তিনিজনকৈ আঘাতপ্রাপ্ত খেলুৱৈক৷
ইফালে, ঘোষিত দলটোৰ পৰা বাদ পৰিছে তাৰকা বেটাৰ ষ্টিভেন স্মিথ৷ প্রাৰম্ভিক দলটোত স্থান লাভ কৰা আঘাতপ্রাপ্ত খেলুৱৈকেইগৰাকী হ’ল– পেট কামিনছ, জ’ছ হেজলউড আৰু টিম ডেভিদ৷
অৱশ্যে বিশ্বকাপৰ পূর্বে এই তিনিওগৰাকী তাৰকা খেলুৱৈ সম্পূর্ণ আঘাতমুক্ত হ’ব বুলি আশাবাদী ক্রিকেট অষ্ট্রেলিয়া৷ মিচেল মার্শ্বক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷ বিশ্বকাপ দলটোত গ্লেন মেক্সৱেল, ট্রেভিছ হেড, মার্কাছ ষ্টইনিছ, আডাম জাম্পা আৰু জ’ছ ইংলিছক অন্তর্ভুক্ত কৰা হৈছে৷
ইপিনে, সকলোকে আচৰিত কৰি স্পীনাৰ মেট কুনেমান আৰু কুপাৰ ক’ন’লীক দলটোত অন্তর্ভুক্ত কৰা হৈছে৷ উল্লেখ্য যে অহা ৩১ জানুৱাৰীৰ পূর্বে অষ্ট্রেলিয়াই বিশ্বকাপলৈ চূড়ান্ত দলটো ঘোষণা কৰিব৷ প্রাৰম্ভিক দলটোত জেভিয়েৰ বার্টলেট, কেমেৰন গ্রীন, নাথান ইলিছ আৰু মেথিউ শ্বর্টকো দলভুক্ত কৰা হৈছে৷ অষ্ট্রেলিয়াই ১১ ফেব্রুৱাৰীত আয়াৰলেণ্ডৰে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব৷
ডিজিটেল ডেস্ক, ২ জানুৱাৰী