নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ডিজিটেল এৰেষ্টত অন্তর্ধান ৫৪ হাজাৰ কোটি টকা

নিউজ ডেস্ক, ১০ ফেব্রুৱাৰী : ডিজিটেল এৰেষ্টক লৈ সমগ্র দেশতে শংকা আৰু চর্চা বৃদ্ধি পাইছে৷ ডিজিটেল এৰেষ্টৰ মাধ্যমেৰে দেশত ৫৪ হাজাৰ কোটি টকাৰো অধিক ধন লুটি নিছে প্রৱঞ্চকে৷ ই ডকাইতিতকৈ কোনোগুণে কম নহয়৷– সোমবাৰে ডিজিটেল এৰেষ্টক লৈ এটা গোচৰত এনে মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে৷ লগতে এই অপৰাধ ৰোধ কৰিবলৈ কেন্দ্রীয় চৰকাৰক কঠোৰ নির্দেশ দিয়ে শীর্ষ ন্যায়ালয়খনে৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগছি আৰু ন্যায়াধীশ এন ভি আঞ্জাৰিয়াৰ বিচাৰপীঠত চলা এই গোচৰটো সন্দর্ভত ন্যায়ালয়ৰ পর্যবেক্ষণ- ডিজিটেল এৰেষ্টৰ মাধ্যমেৰে যিমান পৰিমাণৰ ধন লুটি নিয়া হৈছে সেয়া দেশৰ একাধিক ৰাজ্যৰ বাজেটতকৈও বেছি৷ এই প্রসংগত বেংকসমূহৰ প্রতিও অসন্তুষ্টি প্রকাশ কৰি ন্যায়ালয়খনৰ পর্যবেক্ষণ যে ডিজিটেল এৰেষ্টৰ দৰে অপৰাধত বেংক বিষয়াসকলৰ গাফিলতিকো উলাই কৰিব নোৱাৰি৷

You might also like