গেট ভাঙি শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰৱেশ গজৰাজৰ… বনাঞ্চললৈ ওভতালৈ আৰক্ষী-বন বিভাগে
মহানগৰীৰ বৰাগাঁৱত সোমবাৰে নিশা গজৰাজৰ হঠাৎ পৰিদৰ্শনে সৃষ্টি কৰে আতংকজনক পৰিস্থিতি। নিশা মুক্তভাৱে বিচৰণ কৰি অহা এটা বনৰীয়া হাতীয়ে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক চৌহদত প্ৰৱেশ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, গড়ভঙা বনাঞ্চলৰ পৰা নামি অহা গজৰাজে দীপৰ বিল অতিক্ৰম কৰি শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ সোমায়। নিশা শ্বহীদ স্মাৰকৰ গেট ভাঙি ভিতৰলৈ প্ৰৱেশ কৰা হাতীটো দেখি স্থানীয় ৰাইজৰ মাজত হাহাকাৰ আৰু আতংকৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে গড়চুক আৰক্ষী আৰু বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। বহু সময়ৰ চেষ্টাৰ অন্তত আৰক্ষী আৰু বন বিষয়া দলটোৱে গজৰাজটোক খেদি পুনৰ বনাঞ্চললৈ ওভতাই পঠিয়াবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে মহানগৰীৰ উপকণ্ঠ অঞ্চলসমূহত বনৰীয়া হাতীৰ অহা-যোৱাৰ ঘটনা দিনকদিনে বৃদ্ধি পাইছে, যাৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত গভীৰ উদ্বেগ দেখা দিছে।
ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী