নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিলঙত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ৮৭সংখ্যক বৈঠক

আজি শ্বিলঙৰ Courtyard by Marriott হোটেলৰ সম্মিলন কক্ষত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ৮৭তম বৈঠক অনুষ্ঠিত হয়। বৈঠকখন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ড° ৰণবীৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হয়। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ লগতে পশ্চিমবংগৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া-মণ্ডলী উপস্থিত থাকে।

বৈঠকত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাত জলজ সম্পদ ব্যৱস্থাপনা, বান আৰু নদীভাঙন নিয়ন্ত্ৰণ, আৰু সংস্থাগত শক্তিশালীকৰণ সম্পৰ্কে চলি থকা কামসমূহ পৰ্যালোচনা কৰা হয় আৰু ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হয়।

৩০ জানুুৱাৰী আৰু ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ স্থায়ী সমিতিৰ ৮৩তম বৈঠকৰ সিদ্ধান্তসমূহ এই বৈঠকত অনুমোদন কৰা হয়। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প প্ৰস্তাৱ অনুমোদন কৰা হয়। ইয়াত ব্ৰহ্মপুত্ৰ নদী উপত্যকাৰ নদীভাঙন মূল্যায়ন, অৰুণাচল প্ৰদেশৰ জীয়াধল নদীৰ জৰীপ, ত্ৰিপুৰাত ডিচিল্টিং আৰু শ্লুইচ গেট নিৰ্মাণ, অসমৰ বৰাক নদীৰ বান আৰু ভাঙন নিয়ন্ত্ৰণ, মণিপুৰত স্থানীয় পুখুৰী উন্নয়ন, মাজুলী দ্বীপৰ সুৰক্ষা ব্যৱস্থা, স্বচ্ছতা কাৰ্যসূচী আৰু গুৱাহাটীৰ বশিষ্ঠ নদীৰ তীৰ উন্নয়ন আদি অন্তৰ্ভুক্ত আছে।

বৈঠকত ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বাজেট অনুমান আৰু বাৰ্ষিক কাৰ্য পৰিকল্পনাও অনুমোদন কৰা হয়। সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ আৰু মাষ্টাৰ প্লেন প্ৰস্তুতৰ মানদণ্ড পদ্ধতি (SoP) সন্দৰ্ভত সদস্যসকলৰ অৱগতিত উপস্থাপন কৰা হয়।

ইয়াৰ উপৰি ডিবাং–ডিচাং, নোৱা–দিহিং আৰু ৰঙিত— এই তিনিখন নতুন মাষ্টাৰ প্লেন অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়। ফলত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ মাষ্টাৰ প্লেনৰ সংখ্যা মুঠ ৭৬ খনলৈ বৃদ্ধি পায়।

ৰাজ্য চৰকাৰসমূহৰ সদস্যসকলে ২০২৫ৰ ১২ ডিচেম্বৰত DoWR, RD আৰু GR সচিবৰ বৈঠক আৰু ২০২৫ৰ ১০ ডিচেম্বৰত মাজুলী ভ্ৰমণৰ পাছত লোৱা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। লগতে তেওঁলোকে নিজ নিজ ৰাজ্যত ৰূপায়িত আঁচনিসমূহৰ বিষয়েও আলোচনা কৰে।

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষই সমগ্ৰ অঞ্চলত দীৰ্ঘমেয়াদী আৰু ফলপ্ৰসূ জলজ সম্পদ ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নদী উপত্যকাৰ ৰাজ্যসমূহক সহায় আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ পৰৱৰ্তী (৮৮তম) বৈঠক গুৱাহাটীত অনুষ্ঠিত হ’ব।

ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী

You might also like