নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীখাইতীত সংঘাত, দুজন যুৱকক প্ৰহাৰ মিঞাৰ

মহানগৰীৰ পানীখাইতী অঞ্চলত বুধবাৰে সংঘটিত এক সংঘাতত দুজন যুৱক গুৰুতৰভাৱে আহত হয়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, তিনিজন যুৱকে বুধবাৰে পানীখাইতীৰ চাপৰিত সূৰ্যাস্ত চাই থাকোঁতে একাংশ আন যুৱকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। অভিযোগ অনুসৰি, তাৰ পিছতে প্ৰায় ২০-২৫জনীয়া মিঞাৰ এটা দলে লাঠী আদিৰে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়। যুৱক দুজনক আক্ৰমণ কৰা দলটো পানীখাইতী খেৰবাৰীৰ বুলি জানিব পৰা গৈছে।

মিঞাৰ দলটোৱে সুমেশ ৰাজ বসুমতাৰী নামৰ যুৱকজক বাঁহেৰে কোবাই মূৰ ফালি পেলায় আৰু আন এজন যুৱক খেৰৰ দমত লুকাই নিজৰ প্ৰাণৰক্ষা কৰে।

আক্ৰমণত সুমেশ ৰাজ বসুমতাৰী নামৰ এজন যুৱকৰ মূৰত গুৰুতৰ আঘাত লাগে আৰু জ্যোতিমান হাজৰিকাও আঘাতপ্ৰাপ্ত হয়। এজন যুৱকে ঘটনাস্থলীৰ পৰা পলাই প্ৰাণৰক্ষা কৰে বুলি জানিব পৰা গৈছে।

আহত দুজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে। ঘটনাৰ সৈতে জড়িত লোকসকলৰ পৰিচয় সন্দৰ্ভত বিভিন্ন দাবী উত্থাপন হ’লেও আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ইফালে, আৰক্ষীয়ে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অধিক তথ্য তদন্তৰ পাছতহে স্পষ্ট হ’ব।

ডিজিটেল ডেস্ক, ১২ ফেব্ৰুৱাৰী

You might also like