নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ৰামায়ণত ‘সুগ্ৰীব’ৰ চৰিত্ৰত অভিনয় কৰা শ্যাম কলানীৰ (Shyam Kalani) মৃত্যু হৈছে । কেঞ্চাৰৰ সৈতে যুঁজ দি অৱশেষত যোৱা ৬ মাৰ্চত মৃত্যুৰ ওচৰত হাৰ মানিলে শ্যাম কলানীয়ে ।
তেওঁৰ মৃত্যুত ৰামায়ণৰ ধাৰাবাহিকখনত অভিনয় কৰা বহুকেইগৰাকী অভিনেতাই শোঁক প্ৰকাশ কৰে ।
উল্লেখ্য যে ক’ৰোনা ভাইৰাছক প্ৰতিৰোধৰ বাবে দেশত ২১ দিনীয়া লকডাউন চলি আছে । এই লকডাউনৰ সময়তে ৯০ দশকৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ সম্প্ৰচাৰ কৰা হৈছে । লগতে ৰামানন্দ সাগৰৰ ৰামায়ণে টি আৰ পিৰ ক্ষেত্ৰত থকা পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈও সক্ষম হৈছে ।