নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ ডান্সিং কুইন ন’ৰা ফতেহী

ডিজিটেল ডেস্ক, ১০ মে’ : এইবাৰ ফুটবল বিশ্বকাপৰ মূল ইভেণ্টত অভিলেখ সৃষ্টি কৰি ৪৮খন দেশে অংশগ্রহণ কৰিব যদিও ভাৰতে যোগ্যতা অর্জন কৰিব নোৱাৰিলে৷ কিন্তু ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ মঞ্চত দেখা যাব এগৰাকী ভাৰতীয় তাৰকাক৷

আসন্ন ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ওলাইছে বলীউডৰ ডান্সিং কুইন ন’ৰা ফতেহীয়ে৷ কানাডাৰ প্রথমখন খেলৰ পূর্বে ১২ জুনত টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান৷ তাত ন’ৰাক বিশেষ অনুষ্ঠান পৰিৱেশন কৰা দেখা যাব৷ কানাডাৰ টৰণ্টোত অনুষ্ঠিত হ’বলগীয়া এই গ্রেণ্ড ইভেণ্টত ন’ৰাৰ উপস্থিতিৰ খবৰ পোহৰলৈ অহাৰ লগে লগে তেওঁৰ অনুৰাগীসকলৰ মাজত উত্তেজনা বিয়পি পৰে৷

উল্লেখ্য যে কানাডা, আমেৰিকা আৰু মেক্সিকোত অহা ১১ জুনৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ফুটবল৷ ফিফাই আয়োজক দেশ তিনিখনৰ বাবে পৃথক পৃথক উদ্বোধনী অনুষ্ঠানৰ পৰিকল্পনা কৰিছে৷ ইয়াৰ মাজতে টৰণ্টোৰ অনুষ্ঠানটোক বিশেষভাৱে আকর্ষণীয় কৰি তুলিবলৈ কেইবাগৰাকীও আন্তঃৰাষ্ট্রীয় তাৰকাক মঞ্চত অনাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷

কেৱল ন’ৰাই নহয়, উদ্বোধনী অনুষ্ঠানত আন কেইবাগৰাকীও আন্তঃৰাষ্ট্রীয় শিল্পী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷ এই তালিকাত আছে কানাডাৰ জনপ্রিয় গায়িকা মাইকেল বুবলে, আলানিছ মৰিছেট আৰু এলেছিয়া কাৰা৷ ইয়াৰ উপৰি জেছি ৰেইজ আৰু উইলিয়াম প্রিঞ্চৰ দৰে শিল্পীকো এই অনুষ্ঠানত দেখা যাব৷ এই অনুষ্ঠানৰ বাবে ইতিমধ্যে প্রস্তুতি আৰম্ভ হৈছে৷

You might also like