নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপ : দূৰদর্শন–ডিডি স্প’ৰ্টছক সম্প্রচাৰৰ নির্দেশ হাইক’ৰ্টৰ

ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হ’বলৈ এমাহৰো কম দিন৷ কিন্তু ভাৰতত কোনটো চেনেল বা অ’টিটি প্লেটফর্মত মেগা প্রতিযোগিতাখন সম্প্রচাৰ হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ বহু ফুটবল অনুৰাগীৰ মনত প্রতিযোগিতাখনৰ মেচসমূহ ভাৰতত সম্প্রচাৰ হ’বনে নহয় তাক লৈ প্রশ্ন উত্থাপন হৈ থকাৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ে দিলে এক সুখবৰ৷

উচ্চ ন্যায়ালয়ে কেন্দ্র আৰু প্রচাৰ ভাৰতীলৈ জাননী জাৰি কৰে৷ দিল্লী উচ্চ ন্যায়ালয়ে দূৰদর্শন আৰু ডিডি স্প’ৰ্টছক ফিফা বিশ্বকাপ ফুটবলৰ সম্প্রচাৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে৷

উল্লেখ্য যে ফিফাই ২০২৬ আৰু ২০৩০ চনৰ বিশ্বকাপ ফুটবল দেখুৱাবলৈ ভাৰতত সম্প্রচাৰৰ অধিকাৰ বিক্রী কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছিল৷ প্রথম অৱস্থাত এই অধিকাৰসমূহৰ মূল্য প্রায় ১০ কোটি মার্কিন ডলাৰত ৰখা হৈছিল৷ অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৯৩০ কোটি টকা৷

কিন্তু কোনো কোম্পানীয়ে মেচবোৰ দেখুৱাবলৈ আগ্রহ প্রকাশ কৰা নাছিল৷ ফিফাই সম্প্রচাৰৰ অধিকাৰ ৩৫ মিলিয়ন ডলাৰলৈ হ্রাস কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু পৰিস্থিতি সলনি নহ’ল৷ দৰাচলতে আমেৰিকা–কানাডা–মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বেছিভাগ খেলেই ভাৰতীয় সময় অনুসৰি গভীৰ নিশাৰ৷

মূলতঃ মাজনিশা ১২.৩০ বজাত, ১.৩০ বজাত, ৩.৩০ বজাত, পুৱা ৪.৩০ বজাত আৰু ৬.৩০ বজাত৷ এই সময়ত দর্শকে মেচসমূহ উপভোগ কৰিবনে বুলি সন্দেহ প্রকাশ কৰিছে কোম্পানীসমূহে৷

হয়তো, সেইবাবেই টেলিভিছন কোম্পানী বা অ’টিটি প্লেটফর্মৰ উৎসাহ হেৰুৱাইছে৷ এনে পৰিস্থিতিত একাংশ ফুটবল অনুৰাগীয়ে বিশ্বকাপ চাবলৈ অনুৰোধ জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল৷

ডিজিটেল ডেস্ক, ১৩ মে’

You might also like