নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৫১ শিশুৰ মৃত্যু… ১,১৯২টি শিশুৰ গাত ধৰা পৰিছে সৰু আইৰ উপসর্গ

সৰু আই আৰু ইয়াৰ উপসর্গত ভুগি যোৱা দুমাহত বাংলাদেশত মৃত্যু ঘটিছে ৪৫১টি শিশুৰ৷ যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১২টি শিশুৰ৷ এই শিশুকেইটাৰ ভিতৰত চাৰিটি শিশুৰ গাত সৰু আই চিনাক্ত কৰা হৈছে৷

৮টা শিশুৰ গাত সৰু আইৰ উপসর্গ ধৰা পৰিছে৷ সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ পোৱা মতে, শুকুৰবাৰে বাংলাদেশৰ স্বাস্থ্য বিভাগে জনাইছে যে সমগ্র দেশত এইপর্যন্ত ১,১৯২টি শিশুৰ গাত সৰু আইৰ উপসর্গ ধৰা পৰিছে৷

সৰু আই চিনাক্ত কৰা হৈছে ১১১টি শিশুৰ দেহত৷ স্বাস্থ্য দপ্তৰৰ সূত্রই প্রকাশ কৰা মতে, যোৱা ২৪ ঘণ্টাত যি ১২টি শিশুৰ মৃত্যু হৈছে তাৰ ভিতৰত চাৰিটাৰ গাত সৰু আই চিনাক্ত কৰা হৈছে৷ ঢাকাৰ দুটা আৰু ছট্টগ্রাম তথা বৰিশালৰ এটাকৈ শিশুৰ এনেদৰে মৃত্যু হৈছে৷

সৰু আইৰ উপসর্গত ৮টি শিশুৰ মৃত্যু ঘটিছে৷ তাৰ ভিতৰত তিনিটা ঢাকাৰ, তিনিটা ছট্টগ্রামৰ আৰু এটাকৈ শিশু মৈমনসিং আৰু ছিলেটৰ৷ স্বাস্থ্য দপ্তৰৰ তথ্যত প্রকাশ পোৱা মতে, যোৱা ১৫ মার্চৰ পৰা দেশখনত সৰু আইৰ উপসর্গত মৃত্যু হৈছে ৩৭৭টি শিশুৰ৷ সৰু আই চিনাক্ত কৰাৰ পিছত মৃত্যু হৈছে আৰু ৭৪টি শিশুৰ৷

ডিজিটেল ডেস্ক, ১৭ মে’

You might also like