নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ দিনত মহানগৰীত ৭ সহস্রাধিক বাহন জব্দ, গ্রেপ্তাৰ ১২৮

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ বিশ্বজুৰি মহামাৰী ৰূপ লোৱা ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ নীতি–নির্দেশনা কিছু কিছু ক্ষেত্রত আজিৰে পৰা শিথিল কৰা হৈছে৷ লকডাউনৰ শিথিলতাৰ সুযোগ লৈ একাংশ লোকে লকডাউন উলংঘাৰে মহানগৰীৰ বিভিন্ন স্থানত ভিৰ কৰা পৰিলক্ষিত হয়৷ মহানগৰ আৰক্ষীয়ে লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে বিভিন্ন স্থানত অভিযান চলায়৷ আৰক্ষীৰ অভিযানত লকডাউন উলংঘা কৰাৰ অপৰাধত মহানগৰীত আজি ৩৫০খন দুচকীয়া–চাৰিচকীয়া বাহন জব্দ কৰে৷ লগতে ৮জন লোকক গ্রেপ্তাৰ কৰে৷ লকডাউনৰ শিথিলতাৰ সুযোগ লৈ একাংশ লোকে বিভিন্ন আজুহাত দেখুৱাই দুচকীয়া–চাৰিচকীয়া বাহন লৈ আজি ওলাই অহা পৰিলক্ষিত হয়৷ মহানগৰীৰ জালুকবাৰী, মালিগাঁও, ভৰলুমুখ, পাণবজাৰ, গুৱাহাটী ক্লাব, উলুবাৰী, লাচিত নগৰ, গণেশগুৰি, ছয়মাইল, খানাপাৰা, যোৰাবাট, চানমাৰি, বামুণীমৈদাম, নুনমাটি, নাৰেংগী, ফতাশিল আমবাৰী, লখৰা, গড়চুক, বশিষ্ঠকে ধৰি বিভিন্ন স্থানত লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়৷

মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই জানিবলৈ দিয়া মতে, লকডাউনৰ ২৭টা দিনত মহানগৰীত সাত সহস্রাধিক বাহন জব্দ কৰা হৈছে৷ আজিলৈকে সর্বমুঠ ১২৮জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰ উপৰি তিনি সহস্রাধিক এজাহাৰবিহীন গোচৰ ৰুজু কৰা হৈছে৷ লকডাউনৰ সময়ছোৱাত আজিপর্যন্ত প্রায় ৩৯ লাখ টকাৰ জৰিমনা সংগ্রহ কৰিছে৷ লকডাউনৰ শিথিলতাৰ সুযোগ লৈ অনাহকত ৰাজপথলৈ ওলাই নাহি ৩ মে’লৈকে লকডাউন মানি চলিবলৈ মহানগৰবাসীক আৰক্ষী আয়ুক্তগৰাকীয়ে আহ্বান জনাইছে৷ গুৱাহাটীত লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে বিভিন্ন স্থানত বেৰিকেড বহুৱাই অভিযান অব্যাহত ৰাখিছে৷

লকডাউনৰ সময়ছোৱাত মহানগৰীৰ ২০খন থানা এলেকাত প্রায় ৩,৫০০ আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ জোৱানে দিনে–নিশাই কর্তব্য পালন কৰি আহিছে৷ মহানগৰ আৰক্ষীৰ প্রায় ২,০০০ আৰু কেন্দ্রীয় অর্ধসামৰিক বাহিনীৰ ১,৫০০ জোৱানে ৰ’দ–বৰষুণ নেওচি কর্তব্য সম্পাদন কৰি আহিছে৷ ইয়াৰ উপৰি মহানগৰীৰ থানাসমূহেও লকডাউনৰ সময়ছোৱাত দৰিদ্র পৰিয়ালসমূহক অত্যাৱশ্যকীয় খাদ্যসামগ্রী যোগান ধৰাৰ লগতে পদপথৰ বাসিন্দাসকলক খাদ্যৰ যোগান ধৰি আহিছে৷

You might also like