নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ চহৰে–নগৰে ব্যাপক হাৰত লকডাউন উলংঘা

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ  সামান্য শিথিলতাৰ সুযোগ লৈয়ে ৰাজ্যত মঙলবাৰে ভয়াৱহ ৰূপত উলংঘন হ’ল লকডাউনৰ সকলো নীতি–নির্দেশনা৷ ন’ভেল ক’ৰোনা ভাইৰাছ সংক্রমণৰ প্রতিৰোধৰ ক্ষেত্রত অসমে দেখুওৱা ব্যাপক তৎপৰতা একপ্রকাৰ ধূলিসাৎ কৰি ৰাজ্যৰ বিভিন্ন প্রান্তত লকডাউন উলংঘাৰ নামত চলিল অঘোষিত প্রতিযোগিতা৷  স্বয়ং গুৱাহাটী মহানগৰীতে যোৱা এমাহে নিজম পৰি থকা পথত আজি সৃষ্টি হ’ল ব্যাপক যানজঁট৷ আৰক্ষীৰ সন্মুখেৰে বিভিন্ন অজুহাত দেখুৱাই সচেতন একাংশই চৰমভাৱে ভংগ কৰিলে তলাবন্ধ ব্যৱস্থা৷ গুৱাহাটী মহানগৰীৰ লগতে শিলচৰ, যোৰহাট, বৈঠালাংছ’, ৰহা, ওদালগুৰি, শিৱসাগৰ, হোজাই, শোণিতপুৰ, দৰং, বৰপেটাতো আজি ধোঁৱাচাঙত উঠিল লকডাউন৷ উল্লেখ্য যে ক’ভিড–১৯ৰ ৰেড জ’নৰ বাহিৰে আন জ’নসমূহত চৰকাৰী কার্যালয়ৰ কাম–কাজ আৰম্ভ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে দিয়া নির্দেশ অনুসৰি মঙলবাৰৰে পৰা অসমত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ কার্যালয়সমূহৰ কাম–কাজ সুচল কৰা হৈছে৷ সম্পূর্ণ ২৮ দিনৰ মূৰত কার্যালয় খোলাৰ অজুহাততে আজি ৰাজপথলৈ যান–বাহন লৈ ওলাই আহিল একাংশ লোক৷

স্মর্তব্য যে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ  আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই স্পষ্টকৈ উল্লেখ কৰিছিল যে ৩ মে’লৈ চলিবলগা লকডাউনত কোনো শিথিলতা দিয়া নহয়৷ কেন্দ্রীয় চৰকাৰৰ নির্দেশনামর্মে কঠোৰভাৱে পালন হ’ব সকলো নীতি–নিয়ম৷ আনকি আজিৰে পৰা আৰম্ভ হ’বলগা চৰকাৰী কার্যালয়লৈ অহাৰ বাবে কোনেও ব্যক্তিগত বাহন ব্যৱহাৰ কৰিব নোৱাৰিব বুলি একপ্রকাৰ সকীয়াই দিছিল ৰাজ্য প্রশাসনৰ মুৰব্বী দুগৰাকীয়ে৷ কিন্তু এনে নির্দেশ বা সকীয়নিক গুৰুত্বহীন কৰি ৰাজ্যৰ বিভিন্ন প্রান্তত চৰকাৰী কার্যালয়লৈ সোঁত বয় ব্যক্তিগত বাহনৰ৷ ৰাজপথত আজি যান–বাহন আৰক্ষীয়েও আইন উলংঘা কৰি ওলাই অহা এনে লোকসকলৰ অতপালিত একপ্রকাৰ হাত দাঙি দিলে৷ মন কৰিবলগীয়া যে আজিৰে পৰা খোল খোৱা জনতা ভৱনৰ কর্মচাৰীসকলক সচিবালয়লৈ অনাৰ বাবে ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা কৰা হৈছিল যদিও এনে ব্যৱস্থাক আওকাণ কৰি পুৱাৰ ভাগতে জনতা ভৱনৰ পার্কিং প্লেছত ব্যক্তিগত বাহনৰ ভিৰ লাগে৷ এনে বাহন লৈ অহা একাংশৰ অজুহাত আছিল নিগমৰ বাছ সময়ত ধৰিব নোৱাৰাটো৷ লকডাউন উলংঘাৰ এনে অভিযোগৰ বিপৰীতে কিন্তু ৰাজ্যৰ বিভিন্ন চৰকাৰী কার্যালয়ত উত্থাপিত হ’ল এক অভিযোগ৷ সেয়া হ’ল সচিবালয়ৰ কর্মচাৰীৰ বাবে চৰকাৰে বাছৰ যোগান ধৰাৰ বিপৰীতে অন্য চৰকাৰী কার্যালয়ৰ কর্মচাৰীৰ বাবে কিন্তু অহা–যোৱাৰ কোনো ব্যৱস্থা নকৰিলে৷ যাৰ বাবে ব্যক্তিগত বাহন লৈ কার্যালয়লৈ আহিবলৈ বাধ্য হ’ল অনেকজন৷

ইফালে, গুৱাহাটী মহানগৰীত কর্মচাৰীৰ বাবে চলা পৰিবহণ নিগমৰ বাছত সামাজিক দূৰত্ব বজাই ৰখা হোৱা নাই বুলিও অভিযোগ উঠিছে৷ বহুকেইখন বাছত পৰিলক্ষিত হ’ল চিৰপৰিচিত ‘চিটীবাছৰ ভিৰ’৷ একমাত্র গুৱাহাটীতে নহয়, সামাজিক দূৰত্ব ধোঁৱাচাঙত তুলি বিভিন্ন প্রান্তত বজাৰ, বেংকত দৃশ্যমান হ’ল মেলাসদৃশ পৰিৱেশ৷ বিশেষকৈ শিলচৰত  সম্পূর্ণ বেপেৰুৱাভাৱে উলংঘন হ’ল লকডাউন৷ শিলচৰৰ বজাৰত লকডাউনৰ পূর্বৰ পৰিৱেশ ঘূৰাই আনি একাংশ ব্যৱসায়ীৰ লগতে অসচেতন লোকে অভাৱনীয় ভিৰ কৰে৷ স্থানীয় প্রশাসন তথা আৰক্ষীৰ উপস্থিতিক সম্পূর্ণৰূপে উলাই কৰি শিলচৰত দেখা গ’ল এক ভয়াৱহ পৰিৱেশ৷

ইফালে, প্রধানমন্ত্রী ধন–জন যোজনাৰ ৫০০ টকাৰ পুঁজি আদায়ৰ বাবে বিভিন্ন প্রান্তৰ বেংকত সামাজিক দূৰত্ব গুৰুত্বহীন কৰি বেংকত দেখা গ’ল ব্যাপক ভিৰ৷ বৈঠালাংছ’, ৰহা, মুছলপুৰ, চন্দ্রপুৰ আদি বহু অঞ্চলত গাত গা লগাই বেংকৰ সন্মুখত মহিলাৰ ভিৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গ’ল৷ উল্লেখ্য যে সামাজিক দূৰত্ব বজাই ৰখাৰ দিশটোক অধিক গুৰুত্ব দি অহা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতি ক্ষেত্রত যাতে এই নিয়ম দৃঢ়তাৰে পালন হয় তাৰ বাবে পাঁচ হাজাৰ গৃহৰক্ষী জোৱান মোতায়েনৰ নির্দেশ দিছে৷ কালি এই বিষয়ে খোদ আৰক্ষী সঞ্চালকপ্রধানেও স্পষ্ট কৰিছিল৷ কিন্তু এনে সকলো প্রচেষ্টা তথা আয়োজনক শূন্য কৰি আজি মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত যি হাৰত লকডাউন উলংঘা আৰু সামাজিক দূৰত্ব গুৰুত্বহীন কৰা হ’ল, এই ঘটনাই সকলোৰে বাবে শংকা কঢ়িয়াই আনিছে৷ বিশেষকৈ শিক্ষিত আৰু সচেতন লোকৰ চহৰ ৰূপে পৰিচিত গুৱাহাটীৰ ৰাজপথত চৰকাৰী নির্দেশ আজি চূড়ান্তভাৱে উলংঘন কৰাই নহয়, ক’ভিড–১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনক দুর্বল কৰাৰহে অঘোষিত প্রতিযোগিতা চলিল৷ এইক্ষেত্রত আৰক্ষীৰ ভূমিকাক লৈও যথেষ্ট সমালোচনাৰ সৃষ্টি হৈছে৷ অৱশ্যে লকডাউনৰ নিয়ম পালি কেইবাখনো জিলাত চৰকাৰী কার্যালয়ত উপস্থিত হ’ল কর্মচাৰী৷

You might also like