ত্ৰিপুৰাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২ মেঃ সমগ্ৰ দেশতে ত্ৰাস সৃষ্টি কৰা ক’ৰোনাক প্ৰতিৰোধ কৰিবলৈ দেশত পুনৰ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে । কিন্তু দেশত এতিয়াও ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱা নাই । ইয়াৰ মাজতে শনিবাৰে ত্ৰিপুৰাত বৃদ্ধি পালে ক’ৰোনাত আক্ৰান্তৰ সংখ্য়া ।
শেহতীয়াকৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে জনোৱা মতে, ত্ৰিপুৰা পুনৰ সন্নৱিষ্ট হৈছে ক’ৰোনা আক্ৰান্তৰ তালিকাত । শনিবাৰে ২ গৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ গাত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰে ।
উল্লেখ্য যে এই জোৱান দুজন ধলাই জিলাৰ ১৩৮ নং বেটেলিয়নত নিয়োজিত হৈ আছিল ।
In Tripura two persons from Ambassa, BSF unit found #COVID19 positive. Total COVID-19 positive cases in Tripura stands at 4 (Two already discharged, so active hospital cases:2): Tripura CM Biplab Kumar Deb pic.twitter.com/q3vgSHmM7v
— ANI (@ANI) May 2, 2020