নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ভৱিষ্যৎ

  অতি শেহতীয়াকৈ অসমতো দ্রুতগতিত বৃদ্ধি পাব ধৰিছে ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ আক্রান্তৰ সংখ্যা৷ যোৱা ৩১ মার্চত ৰাজ্যত প্রথমজন ব্যক্তিৰ দেহত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল৷ ইয়াৰ পাছত ১৭ মে’ত ক’ভিড–১৯ পজিটিভৰ সংখ্যাই শতকৰ ঘৰ স্পর্শ কৰে৷ ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধকল্পে দেশত বলৱৎ কৰা লকডাউনৰ ফলত বহিঃৰাজ্যত আবদ্ধসকলৰ ইতিমধ্যে গৃহাভিমুখী যাত্রা আৰম্ভ হৈছে৷ ৰে’ল–বাছযোগে বা অন্য উপায়েৰে ইয়াৰে বহুতে উপস্থিত হৈছে অসমত৷ বহিঃৰাজ্যৰ পৰা মানুহ উভতি অহাৰ প্রক্রিয়া আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যত ক’ভিড–১৯ আক্রান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷ নমুনা পৰীক্ষাৰ ফলাফলত নিতৌ বহিঃৰাজ্য ফেৰৎ বহু লোকৰ দেহত পোৱা গৈছে ন’ভেল ক’ৰোনা ভাইৰাছ৷ শনিবাৰৰ দিনটোত ৮৭জনকৈ লোক ক’ভিড–১৯ পজিটিভ হোৱাৰ লগে লগে আক্রান্তৰ মুঠ সংখ্যা হৈছেগৈ ৩৪৬৷ সংক্রমিতৰ এনে ঊর্ধ্বমুখী গ্রাফে যে পূর্বে আশংকা কৰাৰ দৰেই অসমক এক ভয়ংকৰ ভৱিষ্যতৰ দিশে ঠেলি দিব, সেয়া নিশ্চিত৷ মহামাৰীৰ সংক্রমণ প্রতিৰোধৰ বাবে সম্প্রতি দেশত চতুর্থ পর্যায়ৰ লকডাউন বলৱৎ হৈ আছে৷ তদুপৰি চৰকাৰ তথা স্বাস্থ্য বিভাগে সকলোকে সামাজিক ব্যৱধান ৰক্ষা কৰি চলিবলৈ আৰু অপ্রয়োজনীয়ভাৱে বাহিৰলৈ ওলাই নাহিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে৷ কিন্তু একাংশই এই আহ্বানক গুৰুত্বহীন কৰি আইন উলংঘাৰে বিপদ মাতি আনিছে৷ বহু ৰাজ্যত আবদ্ধ বহুতেও দুর্যোগৰ সন্মুখীন হৈ ঘৰলৈ উভতি অহাৰ তাড়নাতে মুঠেও গুৰুত্ব দিয়া নাই সামাজিক ব্যৱধান ৰক্ষাৰ বিষয়টোক৷ একাংশই আকৌ একেখন বাহনত গাতে গা লগাই দীঘলীয়া যাত্রাৰ অন্তত গৃহভূমিত উপস্থিত হৈছে৷ পৰিণতিত মাত্র কেইটামান দিনৰ ব্যৱধানতে ৰাজ্যত উদ্বেগজনকভাৱে বাঢ়িছে মাৰাত্মক ভাইৰাছ আক্রান্তৰ সংখ্যা৷ ভয়াৱহ কথাটো হ’ল– শেহতীয়াকৈ ক’ভিড–১৯ পজিটিভ পোৱাসকলৰ গৰিষ্ঠসংখ্যকেই বহিঃৰাজ্যৰ পৰা অহা৷ মহামাৰী সংক্রমিতৰ সংখ্যা এনেদৰে বৃদ্ধি পাব ধৰিলে ৰাজ্যৰ পৰিস্থিতিয়ে কেনেধৰণৰ জটিল ৰূপ ধাৰণ কৰিব পাৰে, এটা কথাই তাৰ ইংগিত বহন কৰিছে৷ মহামাৰীৰ ফলত উদ্ভৱ হ’ব পৰা সম্ভাব্য পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে তাৎক্ষণিকভাৱে ৰাজ্যৰ কেইবাখনো চিকিৎসালয় সাজু কৰি তুলিছিল৷ তাৰ ভিতৰত গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয় অন্যতম৷ কিন্তু চিকিৎসালয়খনত এতিয়া ক’ভিড–১৯ আক্রান্ত ৰোগীক চিকিৎসাধীন কৰিবলৈ এখনো বিছনা খালী নাই৷ এনেধৰণৰ কথাবোৰ অন্ততঃ সকলোৱে অনুধাৱন কৰা উচিত৷ তেতিয়াহে ৰাজ্যখন সম্ভাব্য ভয়ংকৰ দুর্যোগৰ পৰা ৰক্ষা পৰিব৷

বহিঃৰাজ্যত কর্মৰত অসমৰ বহুতে লকডাউনৰ ফলত কর্মসংস্থাপন হেৰুৱাই নিশ্চিতভাৱে বিপদত পৰিছে৷ স্বাভাৱিকতে তেওঁলোকে ঘৰলৈ আহিব বিচাৰিব৷ কিন্তু এইক্ষেত্রত সুৰক্ষামূলক ব্যৱস্থাসমূহক গুৰুত্ব প্রদান কৰা উচিত৷ বিশেষকৈ যিসকলে থকা স্থানতে নিৰাপদ অৱস্থাত আছে, তেওঁলোকে অন্ততঃ পৰিস্থিতি উপশম হোৱালৈ অপেক্ষা কৰক৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই প্রসংগত এক গুৰুত্বপূর্ণ আহ্বান জনাইছে৷ সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী ড০ শর্মাই অসমে বর্তমান জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি কৈছে যে অসম এতিয়া নিৰাপদ নহয়৷ বহিঃৰাজ্যত থকা যিসকল লোকে নিৰাপত্তা বিচাৰি অসমলৈ আহিব খুজিছে, তেওঁলোকক সিদ্ধান্ত পুনৰ বিবেচনাৰ কাৰণেও স্বাস্থ্যমন্ত্রী ড০ শর্মাই আহ্বান জনাইছে৷ তদুপৰি প্রয়োজন নাথাকিলে বহিঃৰাজ্যত থকাসকলক এই মুহূর্তত অসমলৈ উভতি নহাৰ বাবেও তেওঁ পৰামর্শ আগবঢ়াইছে৷ আমাৰ বোধেৰে স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ এই আহ্বান–পৰামর্শ বর্তমান পৰিস্থিতিত অতি গুৰুত্বপূর্ণ৷ সংবাদ মাধ্যমত প্রকাশিত অনুসৰি এতিয়ালৈকে বহিঃৰাজ্যৰ পৰা অসমলৈ প্রায় ৩৭ হাজাৰ লোক উভতি অহাৰ বিপৰীতে আন কমেও ১২ লাখে গৃহাভিমুখী হোৱাৰ বাবে অপেক্ষাৰত৷ অসমত ক’ভিড–১৯ পজিটিভ পোৱাসকলৰ ভিতৰত ৯৮ শতাংশই বহিঃৰাজ্যৰ পৰা অহা৷ যদিহে বর্তমানেও বহিঃৰাজ্যত থকা উক্ত ১২ লাখ লোকো অসমলৈ ঘূৰি আহে, তেওঁলোকৰ দেহতো মাৰাত্মক ভাইৰাছ ধৰা পৰে, ৰাজ্যৰ পৰিস্থিতি বর্ণনাতীত হৈ পৰিব৷ সেয়েহে দোহাৰিব বিচাৰিছোঁ যে অসমক সম্ভাব্য ভয়ংকৰ বিপর্যয়ৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্রত এই মুহূর্তত প্রধান আৰু প্রাথমিক চর্তটোৱে হ’ল– সুৰক্ষামূলক ব্যৱস্থা অৱলম্বন কৰা৷

You might also like