পাঞ্জাবাৰী–খাৰঘুলি–নতুন শৰণীয়াত ভূমিস্খলন
নিয়মীয়া বার্তা, ২৭মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে মহানগৰীৰ পাঞ্জাবাৰীত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা৷ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুৱা প্রায় ৬.৩০ বজাত পাঞ্জাবাৰীৰ বিষ্ণুনগৰৰ পাহাৰৰ ওপৰৰ পৰা প্রায় ২৫ ফুট দৈর্ঘ্যৰ এখন গার্ড ৱাল খহি তলৰ এটা বাসগৃহৰ ওপৰত পৰাক লৈ আতংক সৃষ্টি হয়৷ এই ভূমিস্খলনৰ ফলত বিষ্ণুনগৰৰ বাসিন্দা ধনঞ্জয় নাথৰ ৮নং বাসগৃহৰ বিস্তৰ ক্ষতি হয়৷ ভুক্তভোগী নাথে জানিবলৈ দিয়া মতে, আজি পুৱা বিপিন শর্মা নামৰ লোকজনৰ প্রায় ৪ ফুট উচ্চতাৰ গার্ড ৱালখন হঠাৎ খহি তেওঁৰ ঘৰৰ ওপৰত পৰে৷ ফলত পাকঘৰত থকা ৱালখন ভাগি ঘৰৰ ভিতৰত ৰঙা মাটি সোমাই বহু সামগ্রী পুতি পেলায়৷
ঘটনা সন্দর্ভত নাথে অৱগত কৰাত সাতগাঁও থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিয়ালটোক সতর্ক হৈ থাকিলৈ আহ্বান জনায়৷ ইপিনে ভূমিস্খলনৰ পাছতে কামৰূপ মহানগৰ ভূমি সংৰক্ষণ বিভাগৰ বিষয়া সবিতা গোস্বামীয়ে ঘটনাস্থলী পৰিদর্শন কৰি শর্মাৰ নির্মীয়মাণ শৌচাগাৰৰ কাম সাময়িকভাৱে বন্ধ কৰাৰ নির্দেশ দিয়ে লগতে দুয়োটা পৰিয়ালকে সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে শর্মাৰ নির্মীয়মাণ শৌচাগাৰ তথা বাসগৃহ যিকোনো সময়ত খহি পৰাৰ সম্ভাৱনা থকা বুলি ভূমি সংৰক্ষণ বিষয়াগৰাকীয়ে ব্যক্ত কৰে৷ ইপিনে মহানগৰীৰ গান্ধী মণ্ডপ পথৰ নতুন শৰণীয়াত আজি আন এক ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ প্রাপ্ত খবৰ মতে, যোৱাকেইদিনৰ বৰষুণৰ ফলত নতুন শৰণীয়াৰ মডেল পাব্লিক স্কুলৰ সমীপৰ শৰণীয়া পাহাৰৰ এটা অংশ খহি পৰে৷ এই লৈ স্থানীয় প্রায় ৫০/৬০টা পৰিয়াল শংকিত হৈ পৰিছে৷ আনকি ভূমিস্খলনে পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু গান্ধী মণ্ডপলৈ ভাবুকি কঢ়িয়াই অনা বুলি একাংশ লোকে মতামত ব্যক্ত কৰে৷ সেয়েহে বিভাগীয় কর্তৃপক্ষক শীর্ঘে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে৷ আনহাতে, খাৰঘুলিৰ বনকোঁৱৰ নগৰতো বিগত তিনি দিন ধৰি অব্যাহত আছে ভূমিস্খলন৷ পাহাৰৰ ওপৰৰ পৰা চপৰাচপৰে খহিছে মাটি৷