নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ এছ অ’পেন: ছেমিত ছেৰেনাৰ সন্মুখত আজাৰেংকা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ক’ৰোনাৰ আতংকৰ মাজতে নিউয়র্কত চলি থকা ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ মহিলা শাখাৰ ছিংগলছৰ ছেমিফাইনেলত ছয়বাৰৰ চেম্পিয়ন ছেৰেনা উইলিয়ামছে বেলাৰুছৰ ভিক্টোৰিয়া আজাৰেংকাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

বুধবাৰে নিশা অনুষ্ঠিত কোৱার্টাৰ ফাইনেল মেচ এখনত তৃতীয় বাছনিপ্রাপ্ত ছেৰেনাই বুলগেৰিয়াৰ ছেভেটানা পিৰনক’ভাক কিছু সংগ্রামৰ মূৰত ৪–৬, ৬–৩, ৬–২ ছেটত পৰাস্ত কৰি অন্তিম চাৰিলৈ উন্নীত হয়৷ ইপিনে, আন এখন কোৱার্টাৰ ফাইনেলত আজাৰেংকাই ষষ্ঠদশ বাছনিৰ বেলজিয়ামৰ এলিজ মার্টেনছক সহজেই ৬–১, ৬–০ ছেটত পৰাস্ত কৰে৷

মন কৰিবলগীয়া যে মহিলাৰ ছিংগলছৰ দ্বিতীয়খন ছেমিত চতুর্থ বাছনিৰ অ’ছাকাই জেনিফাৰ ব্রেডিৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ইফালে, পুৰুষ শাখাৰ ছিংগলছৰ অন্তিম চাৰিত স্থান সুৰক্ষিত কৰিছে দ্বিতীয় বাছনিপ্রাপ্ত অষ্ট্রিয়াৰ ডমিনিকি থিম আৰু তৃতীয় বাছনিৰ ৰাছিয়াৰ ডানিল মেডভেডেভে৷ আর্থুৰ এছ ষ্টেডিয়ামত অনুষ্ঠিত কোৱার্টাৰ ফাইনেল মেচ এখনত ডমিনিকে অষ্ট্রেলিয়াৰ এলেক্স ডি মিনাউৰক পোনপটীয়াকৈ ৬–১, ৬–২, ৬–৪ ছেটত পৰাস্ত কৰে৷

ছেমিত ডমিনিকে মেডভেডেভৰে মুখামুখি হ’ব৷ আন এখন কোৱার্টাৰ ফাইনেলত মেডভেডেভে বাল্যকালৰ বন্ধু আন্দ্রে ৰুবলেভক সংগ্রামৰ মূৰত ৭–৬ (৬), ৬–৩, ৭–৬ (৫) ছেটত পৰাস্ত কৰে৷

You might also like