নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়াৰ জীৱন ধ্বংস কৰিব বিচৰা কাকো এৰি দিয়া নহ’বঃ ৰিয়াৰ অধিবক্তা

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ “ৰিয়া চক্রৱর্তীক অপমান কৰি যিসকলে তেওঁৰ জীৱনক ধ্বংস কৰাৰ চেষ্টা কৰিছে তেওঁলোকক এৰি দিয়া নহ’ব। বহুতে দুইমিনিটৰ খ্যাতিৰ বাবে ইলেকট্রনিক মিডিয়াত ভুৱা খবৰ উলিয়াইছে।” এই দাবী কৰিলে ৰিয়া চক্রৱর্তীৰ অধিবক্তা সতীশ মানশিণ্ডে।

লগতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাবে যিসকলে ৰিয়াক দায়ী কৰিছে তেওঁলোকে এইবাৰ সত্যৰ সৈতে মুখামুখি হ’ব লাগিব বুলিও দাবী কৰে অধিবক্তাগৰাকীয়ে। মানশিণ্ডে কয়, ‘‘আমি পূৰ্বেই কৈছিলো ৰিয়া চক্রৱর্তী এবাৰ জামিন পালেই আমি এই বিষয়ে যুদ্ধ আৰম্ভ কৰিম।’’

ইপিনে তেওঁজনায়, টিভি আৰু ইলেকট্রনিক মিডিয়াত যিসকলে সুশান্তৰ মৃত্যু সংক্রান্তত ভুৱা দাবী কৰিছিল, তেওঁলোকৰ এখন দীঘলীয়া তালিকা আমি চিবিআইক জমা দিম। ইয়াৰ মাজত বহুজনে ভুৱা মোবাইল ৰেকর্ডিঙো যোগান ধৰিছিল বুলি জনালে তেওঁ। তেওঁৰ দাবী, এই সকলে মূলত ২৮ বছৰীয়া অভিনেত্রীগৰাকীক অভিযুক্ত কৰাৰ চেষ্টা কৰিছিল।

You might also like