কাশ্মীৰত ড্রোনেৰে আক্রমণ চলাব পাক সন্ত্রাসবাদীয়ে
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ জম্মু–কাশ্মীৰৰ বিভিন্ন স্থানত কূটাঘাত সংঘটিত কৰিবলৈ পাকিস্তানী সেনাই কেইবাটাও সন্ত্রাসবাদী গোটক প্রশিক্ষণ দিছে৷ বিশেষকৈ বিস্ফোৰকভর্তি ড্রোনৰ জৰিয়তে কেনেদৰে জম্মু–কাশ্মীৰত আঘাত হানিব পৰা যায় তাক লৈ সন্ত্রাসবাদীসকলক প্রশিক্ষণ দি আছে পাক বাহিনীয়ে৷ ইছলামিক ষ্টেটে ড্রোন অথবা ক’ৱাডকপ্টাৰ ব্যৱহাৰ কৰি ইৰাক তথা ছিৰিয়াত মোক্ষম আঘাত হানিছিল৷
ইয়াৰ দ্বাৰা উৎসাহিত হৈ জম্মু–কাশ্মীৰত সন্ত্রাসবাদীয়ে অনুৰূপ আক্রমণ সংঘটিত কৰিব পাৰে৷ ইতিমধ্যে পাক বাহিনীয়ে লস্কৰ–ই–তৈবা, জইছ–ই–মহম্মদকে ধৰি ভাৰতবিৰোধী কেইবাটাও সন্ত্রাসবাদী গোটক ইয়াৰ প্রশিক্ষণ দিছে৷ ভাৰতীয় চোৰাংচোৱাই লাভ কৰা তথ্য অনুসৰি প্রশিক্ষণৰ সকলো দিশত নজৰ দি আছে পাকিস্তানী গুপ্তচৰ সংস্থা আই এছ আয়ে৷