সংসদৰ যুটীয়া কমিটীয়ে গুগল আৰু পেটিএমক তথ্য সুৰক্ষা আৰু নিৰাপত্তা সন্দর্ভত অহা ২৯ অক্টোবৰত কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে৷ বিজেপিৰ সাংসদ মীনাংক্ষি লেখীৰ নেতৃত্বাধীন লোকসভাৰ ১০ সাংসদ আৰু ৰাজ্যসভাৰ ১০ সাংসদৰ যুটীয়া কমিটীয়ে গুগল আৰু পেটিএমক চমন জাৰি কৰিছে৷
উল্লেখ্য যে তথ্য সুৰক্ষা বিধেয়ক সন্দর্ভত ই–কোম্পানী আমাজনক অহা ২৮ অক্টোবৰত কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে যদিও আমাজনে হাজিৰ হ’বলৈ অসন্মতি প্রকাশ কৰিছে৷ আমাজনৰ প্রতিনিধিয়ে যদি ২৮ অক্টোবৰত যুটীয়া কমিটীৰ সন্মুখত হাজিৰ নহয়, তেতিয়া হ’লে বিশেষ মর্যাদা হানি কৰা হ’ব বুলি মন্তব্য কৰিছে বিজেপিৰ সাংসদ মীনাক্ষি লেখীয়ে৷
তাৎপর্যপূর্ণ যে ইতিমধ্যে ফেচবুক আৰু টুইটাৰকো যুটীয়া কমিটীয়ে হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷ নাগৰিকৰ ব্যক্তিগত তথ্য সুৰক্ষা–গোপনীয়তাক লৈ কেন্দ্রীয় চৰকাৰে অধিক কঠোৰ বুলি মন্তব্য কৰি যুটীয়া কমিটীৰ নেতৃত্ব দিয়া সাংসদ লেখীয়ে গুগ্ল আৰু পেটিএমক কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ নির্দেশ দিছে৷