কলাক্ষেত্রত ৰাজ্যিক ভিত্তিত ৰাষ্ট্রীয় প্রেছ দিৱসত মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: ‘এক সুস্থ আৰু শক্তিশালী গণতন্ত্রৰ বাবে সংবাদ মাধ্যম সজাগ আৰু সচেতন হ’বই লাগিব৷ সাংবাদিকসকল হ’ল সমাজৰ জাগ্রত প্রহৰী৷ সাংবাদিকসকল সৰৱ হৈ থকাটো আৰু চৰকাৰক সমালোচনা কৰাটো চৰকাৰখনৰ বাবেই মংগলজনক৷’ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷
অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত গুৱাহাটীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রী মাধৱদেৱ অভিযান্ত্রিক প্রেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্রীয় প্রেছ দিৱসৰ ৰাজ্যিক পর্যায়ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷ অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱালে কয়– গণতন্ত্রৰ চতুর্থ স্তম্ভ সংবাদ মাধ্যমে চৰকাৰৰ ওপৰত প্রতি মুহূর্ততে চোকা দৃষ্টি ৰাখিব লাগে৷ ইয়াৰ দ্বাৰা মাথোঁ চৰকাৰেই নহয়, দেশৰ প্রতিগৰাকী নাগৰিকেই উপকৃত হ’ব৷ ভাৰতবর্ষৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্রত গণতন্ত্রৰ চতুর্থ স্তম্ভ সংবাদ মাধ্যম তথা সাংবাদিকসকলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব লাগিব৷ জনসাধাৰণক দেশৰ স্বার্থত অধিক সজাগ–সচেতন কৰাৰ লগতে মূল্যবোধৰ ভেটি গঢ় দিয়াৰ বাবে সাংবাদিকসকলে জনসাধাৰণক উৎসাহিত কৰিব লাগিব৷ ক’ভিড–১৯ৰ সময়ত অসমৰ ৰাইজে সুস্থিৰতা, শৃংখলাবদ্ধতা বজাই ৰাখি তথা স্বাস্থ্য বিভাগে দিয়া পৰামর্শৱলী মানি চলি এই সংক্রমণ প্রতিহত কৰাৰ দিশত যি সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমৰ ৰাইজক কৃতজ্ঞতা জনাইছোঁ৷
মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে জনসাধাৰণৰ মাজত এই সন্দর্ভত সজাগতা সৃষ্টিৰ বাবে সংবাদ মাধ্যমে সন্মুখৰ পৰা কষ্ট স্বীকাৰ কৰিছে৷ এই সংকটে অন্যান্য খণ্ডৰ লগতে সংবাদ মাধ্যমৰ ওপৰতো যথেষ্ট নেতিবাচক প্রভাৱ পেলাইছে, সংবাদকর্মীসকল নানা অসুবিধাৰ সন্মুখীন হৈছে৷ সাংবাদিকসকলৰ ইতিবাচক ভূমিকা আৰু কষ্ট তেওঁ নিজেই প্রত্যক্ষ কৰিছে৷ ক’ভিড–১৯ৰ সংকটৰ সময়ত সাংবাদিকসকলে নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়াইছিল৷ জনতাৰ স্বার্থত নিষ্ঠাৰে কর্তব্য পালন কৰিছিল৷ স্বাস্থ্য বিভাগ, আৰক্ষীয়ে দিনে–নিশাই সেৱা আগবঢ়োৱাৰ সমান্তৰালকৈ ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সজগতা সৃষ্টিৰ বাবে সাংবাদিকসকলে আগবঢ়োৱা অৰিহণাৰ শলাগ লৈ মুখ্যমন্ত্রী সোণোৱালে কয়– সাংবাদিকসকলৰ ভূমিকাই প্রশাসনক জনমুখী কৰাৰ ক্ষেত্রত বহু উদগনি যোগাইছে৷ সাংবাদিকসকলৰ বহু সমস্যা আছে৷ এই সমস্যাবোৰ উপলব্ধি কৰি বর্তমান চৰকাৰে বহু আঁচনি গ্রহণ কৰিছে৷ অনাগত দিনত চৰকাৰে সাংবাদিকৰ বাবে বহু আঁচনি গ্রহণ কৰিব৷
আনহাতে, দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰাৰ ক্ষেত্রত সংবাদ মাধ্যমে যথেষ্ট সহায় কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয়– সাংবাদিকসকলৰ সহযোগিতা নাথাকিলে চৰকাৰৰ দুর্নীতিবিৰোধী অভিযান সফল নহ’লহেঁতেন৷ সাংবাদিকে মনোবল দিয়া বাবে চৰকাৰ উৎসাহিত হৈছে৷ সন্ত্রাসমুক্ত, প্রদূষণমুক্ত অসম গঢ়াৰ ক্ষেত্রতো সাংবাদিকসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ অনুষ্ঠানত ‘সংবাদ মাধ্যমৰ ওপৰত ক’ভিড–১৯ মহামাৰীৰ প্রভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা’ শীর্ষক বিষয়ত মূল ভাষণ দিয়ে তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ মুৰব্বী অধ্যাপিকা জয়া চক্রৱর্তীয়ে৷ যোগাযোগেই হৈছে মানৱ সভ্যতাৰ ৰাজহাড় বুলি উল্লেখ কৰি জয়া চক্রৱর্তীয়ে কয়– ক’ভিডে সৃষ্টি কৰা জটিল পৰিস্থিতিয়ে ভার্চুৱেল আৰু ডিজিটেল মাধ্যমত যোগাযোগ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ মানুহে সামাজিক দূৰত্ব বর্তাই চলিবলগা হৈছে৷ এনে এক জটিল সন্ধিক্ষণত স্বাস্থ্য, আৰক্ষী বিভাগ আদিৰ সমান্তৰালকৈ সাংবাদিকসকলেও ফ্রণ্ট লাইনৰ ৱর্কাৰ হিচাপে কাম কৰিছে৷ যি সময়ত হাজাৰ হাজাৰ মানুহ ক’ৰোনাত আক্রান্ত হৈছে, ক’ৰোনাত আক্রান্ত হৈ মানুহ মৰিছে, ক’ৰোনাৰ সংক্রমণৰ পৰা ৰক্ষা পাবলৈ মানুহে বিভিন্ন সাৱধানতা অৱলম্বন কৰিবলগা হৈছে, সেই সময়ত সাংবাদিকসকলে কিমান মানুহ ক’ৰোনাত আক্রান্ত হৈছে, কিমান মানুহৰ মৃত্যু হৈছে, ক’ৰোনাৰ সংক্রমণৰ পৰা বাচি থাকিবলৈ ল’বলগা সাৱধানতাৰ বিষয়ে ৰাইজক প্রতিটো কথা জনাইছে৷ চৰকাৰী খণ্ডৰ আৰু ব্যক্তিগত খণ্ডৰ সংবাদ মাধ্যমৰ মাজত এটা তফাৎ আছিল যদিও এই জটিল সময়ত দুয়োটা খণ্ডৰ সংবাদ মাধ্যমে পাব্লিক ছার্ভিচ ব্রডকাষ্টাৰ হিচাপে কাম কৰিছে৷ সাংবাদিকসকলেও এই মহামাৰী ৰোধত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ খাদ্য আৰু আশ্রয়ৰ অভাৱত দুর্দশাৰ সন্মুখীন হোৱা প্রব্রজনকাৰী শ্রমিকসকলৰ বিষয়ে সাংবাদিক আৰু ফটো সাংবাদিকসকলে ছবিসহ বাতৰি পৰিৱেশন কৰিছে৷ ফলত চৰকাৰেও প্রব্রজনকাৰী শ্রমিকসকলক যথেষ্ট সহায় কৰিছে৷ প্রকৃততে সাধাৰণ মানুহৰ দুখ–দুর্দশাৰ বিষয়ে চৰকাৰক অৱগত কৰাটোৱেই গণতন্ত্রৰ চতুর্থ স্তম্ভৰ মূল ভূমিকা৷ অধ্যাপিকা জয়া চক্রৱর্তীয়ে স্বাস্থ্যৰ দৰে বিষয়ভিত্তিক সংবাদ পৰিৱেশনৰ ক্ষেত্রত সাংবাদিকসকলৰ বাবে বিশেষ প্রশিক্ষণৰ ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ ক’ভিডৰ সংকটৰ সময়ত একাংশ সাংবাদিকে চাকৰি হেৰুওৱা, দৰমহা কর্তন কৰাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ লগতে সংবাদ গোষ্ঠীয়েও বিজ্ঞাপনৰ ৰাজহ হেৰুৱাবলগা হোৱাৰ প্রসংগ উল্লেখ কৰি তেওঁ কয় যে সাংবাদিকতাৰ নৈতিকতা অক্ষুণ্ণ ৰখাৰ বাবে সাংবাদিকসকলক আর্থিকভাৱে সচ্ছল কৰাৰ লগতে অন্যান্য সা–সুবিধা প্রদানৰ দিশটোৰ প্রতিও সংবাদ গোষ্ঠীসমূহে চকু দিব লাগিব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে কয় যে কলম নিঃসন্দেহে তৰোৱালতকৈ অধিক শক্তিশালী, কিন্তু সংবাদ মাধ্যমে নিজৰ শক্তি প্রয়োগ কৰোঁতে অধিক সচেতন হ’ব লাগিব৷ কিয়নো সমাজক বাট দেখুওৱাৰ দায়িত্বও তেওঁলোকৰ হাততেই ন্যস্ত আছে৷ ক’ভিড–১৯ৰ সময়ত বিশ্বৰ সংবাদ মাধ্যমে গ্রহণ কৰা ভূমিকাৰ শলাগ লৈ এই সংকটত কর্তব্যৰ সময়ত নিজৰ প্রাণ হেৰুৱাবলগা হোৱা সংবাদকর্মীসকলৰ প্রতি তেওঁ শ্রদ্ধা জ্ঞাপন কৰে৷ সাংবাদিকসকলৰ বাবে ৰাজ্য চৰকাৰে বহু অভিলাষী আঁচনি গ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সাংবাদিকসকলৰ বাবে সকলোবোৰ বিষয় আন্তৰিকতাৰে আগুৱাই নিবলৈ ৰাজ্য চৰকাৰে প্রয়াস কৰিছে৷ সাংবাদিকসকলৰ বাবে কৰণীয় কিবা থাকিলে তাৰ পৰামর্শ দিবলৈও তেওঁ আহ্বান জনায়৷ সেই পৰামর্শৰ ভিত্তিতে সমাজৰ বিবেকস্বৰূপ চতুর্থ স্তম্ভৰ বাবে চৰকাৰে কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰে৷ তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই আদৰণী ভাষণ দিয়া অনুষ্ঠানত সাংবাদিক ৰঞ্জিত কুমাৰ শর্মায়ো ভাষণ প্রদান কৰে৷
অনুষ্ঠানত ৰাজ্যৰ সাংবাদিকতা আৰু সাহিত্যৰ জগতখনলৈ আগবঢ়োৱা মূল্যৱান অৰিহণাৰ বাবে বিশিষ্ট সাহিত্যিক পদ্মশ্রী এলি আহমেদ, সাংবাদিক তথা সাহিত্যিক শিৱচৰণ কলিতা, প্রবীণ ক্রীড়া সাংবাদিক প্রেমধৰ শর্মা, ফটো সাংবাদিক তথা লেখক মহেশ চন্দ্র মেধি, সাংবাদিক তাপস সমাদ্দাৰ, ৰঞ্জিত কুমাৰ শর্মা আৰু কুঞ্জমোহন ৰায়ক মুখ্যমন্ত্রীয়ে সম্বর্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, জনসংযোগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰীকে প্রমুখ্য কৰি বিভাগৰ অন্যান্য বিষয়া–কর্মচাৰীসক তথা বহুকেইগৰাকী বিশিষ্ট সাংবাদিকে অংশগ্রহণ কৰে৷