নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই এছ এলঃ গুৱাহাটীত আজি নর্থ–ইষ্ট ইউনাইটেডৰ সন্মুখত বাংগালুৰু

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ বুধবাৰে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’ব লগীয়া মেচখনত মুখামুখি হ’ব নর্থ–ইষ্ট ইউনাইটেড আৰু বাংগালুৰু এফ চি ৷

স্মর্তব্য যে এইবাৰ লীগত এই দুয়োটা দলে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিছিল ৷

আজি ঘৰুৱা দলটোৱে ছীজনৰ অষ্টম মেচত ভাগ লোৱাৰ বিপৰীতে বাংগালুৰুৱে নৱম মেচত অৱতীর্ণ হ’ব ৷

এতিয়ালৈকে নর্থ–ইষ্ট দলটোৱে সাতখন মেচৰ পৰা ১০ পইণ্ট অর্জন কৰি পঞ্চম স্থানত থকাৰ বিপৰীতে আঠখন মেচৰ পৰা ১৩ পইণ্টেৰে তৃতীয় স্থানত আছে ডিফেণ্ডিং চেম্পিয়ন বাংগালুৰু ।

উল্লেখ্য যে এ টি কেৰ বিৰুদ্ধে খেলা মেচখনত আঘাত পোৱা তাৰকা ষ্ট্রাইকাৰ গিয়ানে আজিৰ মেচখনতো নেখেলে ৷ কিন্তু নর্থ–ইষ্ট দললৈ প্রত্যাৱর্তন কৰিছে উৰুগুৱেৰ ফেডেৰিকো গালেগ’ই ৷

খেলৰ সময়ঃ সন্ধিয়া ৬ বজা ৷

You might also like