নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীলৈ মৰমঃ স্বামীয়ে বুক কৰিলে এখন বিমান…কিন্তু ক’ত?

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ ক’ৰোনা ভাইৰাছে বিশ্বৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰিছে সংহাৰ। আৰম্ভ হৈছে দ্বিতীয় ঢৌ। যাৰ বাবে সংক্ৰমণ ৰোধ কৰিবলৈ লোকসকলক সঠিক দূৰত্ব বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। সেইবাবে মানুহে যোৱা এটা বছৰ ধৰি ভ্ৰমণ কৰিবলৈ অনিচ্ছুক। কিন্তু ইণ্ডোনেছিয়াৰ এজন ব্যক্তিয়ে বিমানত ভ্ৰমণ কৰিবলৈ কি কৰিছে জানি আচৰিত হ’ব আপুনি।

 

ইনষ্টাগ্ৰামত ৰিচাৰ্দে চেয়াৰ কৰা এখন ফটো

ইণ্ডোনেছিয়াৰ এজন ব্যক্তিয়ে ক’ৰোনাৰ সংক্ৰমণৰ পৰা হাত সাৰি পত্নীৰ সৈতে নিৰাপদে ভ্ৰমণ কৰিবলৈ সমগ্ৰ বিমানখনেই বুক কৰে। জাকাৰ্তাৰ ৰিচাৰ্ড মুলজাদি নামৰ লোকজনে এখন বিমানৰ ছবি পোষ্ট কৰিছিল, য’ত তেওঁ আৰু তেওঁৰ পত্নী আছিল একমাত্ৰ যাত্ৰী।

উল্লেখ্য যে ৰিচাৰ্ড মুলজাদিয়ে পত্নীৰ সৈতে জকাৰ্টাৰ পৰা বালিলৈ উৰা মাৰিছিল। এই সপ্তাহৰ আৰম্ভণিতে, তেওঁ ইনষ্টাগ্ৰামত বহুকেইখন ছবি চেয়াৰ কৰিছিল য’ত তেওঁ আৰু তেওঁৰ পত্নী গোটেই বিমানখনত একলে বহি আছিল। বাকী সকলো আসনেই খালী আছিল।

লগতে পঢ়কঃ বিশ্বত ২০২০ আছিল আটাইতকৈ উষ্ণ বৰ্ষ

You might also like