নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰমশালাত ক’ভিড প্রতিৰোধী ভেকচিন ল’লে দালাই লামাই

নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ তিব্বতী ধর্মীয় নেতা দালাই লামাই কালি অক্সফ’ড–আষ্ট্রাজেনেকাৰ প্রথমটো ক’ভিড ভেকচিনৰ ড’জ গ্রহণ কৰিছে৷ ধৰমশালাত ক’ভিড টিকাকৰণ কেন্দ্রত এই ভেকচিন লোৱাৰ পিছতে তিব্বতী ধর্মীয় নেতাগৰাকীয়ে সকলো লোককে ভেকচিন ল’বলৈ আহ্বান জনাইছে৷ এই ভেকচিনবিধ অতি আশাব্যঞ্জক আৰু ফলপ্রসূ বুলিও উল্লেখ কৰিছে দালাই লামাই৷ স্মর্তব্য যে ভাৰতে যোৱা ১৬ জানুৱাৰীত ক’ভিড–১৯ প্রতিৰোধী গণ টিকাকৰণ আৰম্ভ কৰিছে৷ প্রথম পর্যায়ত ক’ভিড যোদ্ধা তথা স্বাস্থ্যকর্মীসকলক এই ভেকচিন প্রদান কৰা হৈছিল যদিও ১ মার্চৰ পৰা ৬০ বছৰৰ ঊর্ধ্বৰ লোকসকলকো ভেকচিনবিধ প্রদান কৰা হৈছে৷ হিমাচল প্রদেশত ধৰমশালাত দালাই লামাই এজন সাধাৰণ লোকৰ দৰে গৈ টিকাকৰণ কেন্দ্রত ভেকচিন লোৱা বিষয়টোক আদৰণি জনাইছে চিকিৎসা বিষয়া ডাঃ গুৰদর্শন গুপ্তাই৷

You might also like