তীব্র প্রত্যাহ্বানৰ মাজতো দুর্গ অক্ষুণ্ণ ৰক্ষাৰ দিশে বিজেপি মিত্রজোঁটৰ প্রার্থী সিদ্ধার্থ ভট্টাচার্য
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ মঙলবাৰে অন্ত পৰিল অসম বিধানসভাৰ তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচন৷ কামৰূপ (মহানগৰ) জিলাকে ধৰি নামনি অসমৰ ১২খন জিলাৰ ৪০টা সমষ্টিৰ ৩৩৭গৰাকী প্রার্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত৷ নির্বাচনৰ অন্ত পৰাৰ লগে লগে ৪০টা সমষ্টিত কোনে শেষ হাঁহি মাৰিব এইলৈ বিভিন্ন জল্পনা–কল্পনা আৰম্ভ হৈছে৷
তৃতীয় পর্যায়ত অনুষ্ঠিত হোৱা নির্বাচনত নামনি অসমৰ আন ১১খন জিলাৰ দৰে কামৰূপ (মহানগৰ) জিলাৰ চাৰিটা বিধানসভা সমষ্টিত কোনে বিজয়ৰ মুকুট পিন্ধিব এইলৈ হিচাপ–নিকাচ আৰম্ভ হৈছে৷ বিশেষকৈ সন্মানীয় পূব গুৱাহাটী বিধানসভা সমষ্টি কাৰ দখললৈ যাব এইলৈ জল্পনা–কল্পনা চলিছে৷ ভোটাৰসকলৰ মাজত হোৱা চর্চা অনুসৰি তীব্র প্রত্যাহ্বানৰ মাজতে পূব গুৱাহাটী সমষ্টিত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই দুর্গ অক্ষুণ্ণ ৰখাৰ পূর্ণ সম্ভাৱনা আছে৷
সর্বশক্তি প্রয়োগ কৰি নির্বাচনত অৱতীর্ণ হোৱা মহাজোটৰ প্রক্ষেপিত কংগ্রেছ প্রার্থীক কার্যতঃ বিপাঙত পেলাই অসম জাতীয় পৰিষদৰ প্রার্থী অদীপ কুমাৰ ফুকনে ভোট বিভাজনেৰে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ দুর্গ অক্ষুণ্ণ ৰখাত সহায় কৰা বুলি ব্যাপক চর্চিত হৈছে৷
উল্লেখ্য যে পূব গুৱাহাটী বিধানসভা সমষ্টিত ৪১শতাংশ অসমীয়া হিন্দু ভোটাৰ আছে৷ ইয়াৰে ১২ শতাংশ ভোট সিদ্ধার্থ ভট্টাচার্য, আঠ শতাংশ অসীমা বৰদলৈ আৰু ১০ শতাংশ ভোট অদীপ কুমাৰ ফুকনৰ বিপৰীতে ২–৩ শতাংশ ভোট অন্যান্য প্রার্থীয়ে লাভ কৰাৰ সম্ভাৱনা আছে৷ একেদৰে হিন্দু বঙালীসকলৰ ১৯ শতাংশ ভোটৰ ১১ শতাংশ সিদ্ধার্থ ভট্টাচার্য ২ শতাংশ অসীমা বৰদলৈ আৰু ২ শতাংশ ভোট অদীপ কুমাৰ ফুকনৰ সপক্ষে যোৱাৰ লগতে বাকী ২–৩ শতাংশ অন্যান্য প্রার্থীয়ে লাভৰ সম্ভাৱনাই আছে৷
ইপিনে অ’বিচি ভোটাৰৰ সাত শতাংশ সিদ্ধার্থ, ২ শতাংশ অসীমা আৰু এক শতাংশ অদীপ কুমাৰ ফুকনসহ অন্যান্য প্রার্থীৰ সপক্ষে যোৱাৰ সম্ভাৱনা আছে৷ সমষ্টিটোৰ মুছলমানৰ ৯ শতাংশ ভোটৰ ৫ শতাংশ অসীমা এক শতাংশ সিদ্ধার্থই লাভ কৰাৰ পূর্ণ সম্ভাৱনা থকাৰ লগতে অদীপ কুমাৰ ফুকন আৰু অন্যান্য প্রার্থীয়ে এক শতাংশ ভোট লাভ কৰিব পাৰে৷
আনহাতে হিন্দীভাষী ১২ শতাংশ ভোটাৰৰ ৮ শতাংশ সিদ্ধার্থ, দুই শতাংশ অসীমা বৰদলৈৰ সপক্ষে যোৱাৰ সম্ভাৱনা আছে৷ একেদৰে এছচি আৰু এছটিৰ ছয় শতাংশ ভোটৰ দুই শতাংশ ভোট অসীমা আৰু দুই শতাংশ সিদ্ধার্থৰ সপক্ষে যোৱাৰ বিপৰীতে বাকী দুই শতাংশ অন্যান্য প্রার্থীসকলৰ মাজত ভাগ হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে অহা দুই মে’ত ঘোষণা কৰিবলগীয়া ফলাফলত পূব গুৱাহাটীৰ পৰা পুনৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য জয়ী হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে ফলাফল ঘোষণা কৰাৰ পাছতহে সকলো জল্পনা–কল্পনাৰ অন্ত পৰিব৷