উচ্চতম ন্যায়ালয়ত ৮০ লোকৰ দেহত কৰোনা
নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ অৱশেষত উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ কৰোনা ভাইৰাছ ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰায় ৮০ গৰাকী কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে । ফলত সকলো ন্যায়াধীশে এতিয়া ঘৰৰ পৰাই কাম কৰিব আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব ।
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ চৌহদ আৰু সকলো ৰূম ছেনিটাইজ কৰা হয় । কৰোনা ভাইৰাছৰ বাবে এতিয়া বিভিন্ন পীঠসমূহ নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ বহিব আৰু শুনানি গ্ৰহণ কৰিব । যাৰ বাবে পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া গোচৰৰ শুনানি ১১.৩০ বজাৰ পৰা আৰু ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া গোচৰৰ শুনানি ১২ বজাৰ পৰা গ্ৰহণ কৰা হ’ব ৷
SOURCE- ETV BHARAT