নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ দেশত ক’ভিড–১৯সৃষ্ট পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বিগত ২৪ ঘণ্টাত ১,৬৮,৯১২জন আক্রান্ত হোৱাৰ পাছতে বিশ্বৰ সর্বাধিক আক্রান্তৰ তালিকাত দ্বিতীয় স্থানত উপনীত ভাৰত৷ ব্রাজিলক অতিক্রম কৰি সর্বাধিক আক্রান্তৰ তালিকাৰ দ্বিতীয় স্থানত থকা ভাৰতৰ আক্রান্তৰ সংখ্যা ১.৩৫ কোটিৰো অধিক হৈছে৷ বিগত সপ্তাহ ধৰি প্রতিদিনে ১ লাখতকৈ অধিক লোক আক্রান্ত হৈ যোৱা ২৪ ঘণ্টাত সর্বাধিক ১.৬৮ লক্ষাধিক লোক আক্রান্ত হৈছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশত সংহাৰী ৰূপ লৈ মৃতকৰ সংখ্যাও প্রতিদিনে বৃদ্ধি হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ৯০৪জনে৷ ইয়াকে লৈ দেশত মৃতকৰ সংখ্যা ১,৭০,১৭৯লৈ বৃদ্ধি পাইছে৷ প্রথম জোৱাৰত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাৰ শীর্ষত থকা মহাৰাষ্ট্রত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে অতি ভয়াৱহ ৰূপ লৈছে৷ প্রতিদিনেই মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা দ্রুতগতিত বর্ধিত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত আন এক অনাকাংক্ষিত অভিলেখেৰে এদিনতে ৬৩,২৯৪জন আক্রান্ত হৈছে আৰু প্রাণ হেৰুৱাইছে ৩৪৯জনে৷
ইতিমধ্যে ৰাজ্যখনৰ চহৰসমূহত নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ লগতে সাপ্তাহান্তিক লক্ডাউন বলৱৎ কৰা হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতি দিনে দিনে ভয়াৱহ ৰূপ লোৱাত ৰাজ্য চৰকাৰে সম্পূর্ণ লকডাউনৰ পক্ষত থিয় দিছে৷ ইতিমধ্যে মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই সর্বদলীয় বৈঠকযোগে ৰাজ্যখনত লকডাউনৰ সিদ্ধান্তত উপনীত হৈছে৷ অৱশ্যে এতিয়াও লকডাউনক লৈ আনুষ্ঠানিক ঘোষণা কৰা নাই৷ পৰিস্থিতি অতি ভয়াৱহৰ পিনে আগবাঢ়ি গৈ থকা বাবেই ৰাজ্য চৰকাৰে ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা স্থগিত ঘোষণা কৰিছে৷ ৰাজ্যখনৰ ৰাজধানী মুম্বাই এইবাৰ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত সর্বাধিক ক্ষতিগ্রস্ত হৈছে৷ মায়ানগৰী মুম্বাইত বলীউড জগতত ক’ৰোনাই সংহাৰী ৰূপ লোৱাত চলচ্চিত্রৰ চিত্রগ্রহণত প্রতিবন্ধকতা আৰোপ কৰিবলগীয়া হৈছে৷
ইপিনে, দেশৰ ৰাজধানী দিল্লীতো ভয়াৱহ হাৰত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাইছে৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে প্রকাশ কৰা মতে, দিল্লীত চতুর্থ জোৱাৰ চলি আছে৷ ৰাজধানী চহৰখনত লকডাউনৰ সম্ভাৱনাক নাকচ কৰা হৈছে৷ অৱশ্যে নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ যোৱা ২৪ ঘণ্টাত চলিত বর্ষত এদিনত সর্বাধিক ১০,৭৭৪জন আক্রান্ত হোৱাৰ লগতে ৪৮জনৰ মৃত্যু ঘটিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে ক’ৰোনাসৃষ্ট পৰিস্থিতি অতি ভয়াৱহ বুলি ঘোষণা কৰিছে৷ তেনেদৰে গুজৰাটতো মহামাৰী ক’ৰোনাৰ সংক্রমণ ভয়ানকভাৱে বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৫,৪৬৯জন লোক আক্রান্ত হৈছে৷ ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্রান্তৰ সংখ্যা ৩,৪৭,৪৯৭লৈ বৃদ্ধি পাইছে৷ উত্তৰাখণ্ড, কর্ণাটক, পঞ্জাব, চণ্ডীগড়, মধ্যপ্রদেশ, ৰাজস্থান, কেৰালা, ছত্তিশগড়, অন্ধ্রপ্রদেশ, তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্যত ক’ৰোনাৰ আক্রমণ বর্ধিত হোৱাৰ পৰিপ্রেক্ষিতত হটস্পট চহৰসমূহত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ গুৰুত্বপূর্ণ যে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ কুম্ভমেলাত অংশ লোৱা ভক্তৰ মাজত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি হোৱাত ৰাজ্য চৰকাৰ উদ্বিগ্ণ হৈ পৰিছে৷ গংগা নদীত লাখ লাখ ভক্তই একেলগে স্নান কৰি থকাৰ পৰিপ্রেক্ষিতত ক’ৰোনাত আক্রান্ত ভক্তৰ সংখ্যা বর্ধিত হৈ গৈ আছে৷ ক’ভিড–১৯ প্রট’কল সম্পূর্ণৰূপে এই কুম্ভমেলাত উলংঘন কৰি থকা হৈছে৷ আনপিনে, উচ্চতম ন্যায়ালয়ৰ ৫০ শতাংশ কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত সর্বোচ্চ ন্যায়ালয়ে গোচৰৰ শুনানি ভিডি’ কনফাৰেঞ্চযোগে অনুষ্ঠিত কৰিছে৷ ন্যায়াধীশসকলে ভিডি’ কনফাৰেঞ্চযোগে নিজ বাসগৃহত থাকিয়ে গোচৰৰ শুনানি গ্রহণ কৰি আছে৷ ৫০ শতাংশ কর্মচাৰী ক’ৰোনাত আক্রান্ত হোৱাৰ পাছতে সৃষ্টি হোৱা শংকা আঁতৰাবলৈ সমগ্র ন্যায়ালয় চৌহদ ছেনিটাইজ কৰা হৈছে৷
ভাৰতত তৃতীয় ভেকচিন স্পুটনিক ভি প্রদানত অনুমোদন
ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে দেশবাসীৰ বাবে আন এক ইতিবাচক বার্তা৷ ক’ৰোনাৰ বিৰুদ্ধে দ্বিতীয় বৃহৎ যুদ্ধ ‘টিকা উৎসৱ’ চলাৰ সময়তে দেশত আন এটা ক’ভিড–১৯ ভেকচিন ব্যৱহাৰত অনুমোদন জনোৱা হৈছে৷ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণত দুটাকৈ ভেকচিন ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন ব্যৱহাৰ হৈ থকাৰ সময়তে তৃতীয়টো ভেকচিন জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে চেণ্ড্রেল ড্রাগ্ছ ষ্টেণ্ডার্ড কণ্ড্র’ল অর্গেনাইজেচনে (চি ডি এছ চি অ’)৷ এই চি ডি এছ চি অ’ই অনুমোদন জনোৱাৰ পাছতে ৰাছিয়াৰ ক’ভিড–১৯ ভেকচিন স্পুটনিক–ভি দেশত জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰাত অনুমতি জনাইছে কেন্দ্রই৷ উল্লেখ্য যে ৰাছিয়াৰ ভেকচিন স্পুটনিক–ভি ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ বাবে ডাঃ ৰেড্ডিজ লেবৰেটৰীয়ে চি ডি এছ চি অ’ত আবেদন জনোৱাৰ পাছত চি ডি এছ চি অ’ই অনুমোদন জনাইছে৷ মন কৰিবলগীয়া যে ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ (আৰ ডি আই এফ) সৈতে ভাৰতৰ ডাঃ ৰেড্ডিজ লেবৰেটৰীয়ে ভাৰতত স্পুটনিক–ভিৰ মানৱ দেহত পৰীক্ষণ আৰু দেশত বিতৰণৰ চুক্তি সম্পন্ন হৈছে৷ ইয়াৰ পাছতে ডাঃ ৰেড্ডিজে ভাৰতত স্পুটনিক–ভিৰ মানৱ দেহত পৰীক্ষণ কৰাৰ লগতে ভেকচিন প্রস্তুত কৰি আছে৷ এই ভেকচিনটোৰ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণৰ ফলপ্রসূতাৰ হাৰ ৯১.৬ শতাংশ৷
মহাৰাষ্ট্রত সম্পূর্ণ লকডাউনৰ সম্ভাৱনাঃ নিম্নগামী ছেনছেক্স
ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি শংকাময় পৰিৱেশ সৃষ্টি কৰাৰ লগতে মহাৰাষ্ট্রত সম্পূর্ণ লকডাউনৰ সম্ভাৱনা প্রকট হৈ উঠাৰ পৰিপ্রেক্ষিতত ষ্টক মার্কেটত অভাৱনীয় পতন ঘটিছে৷ আজি বি এছ ই ছেনছেক্সৰ বজাৰ আৰম্ভ হোৱাৰ লগে লগে নিম্নগামী হৈ পিছলৈ ১৭০০ পইণ্ট হ্রাসেৰে বজাৰ সামৰণি পৰে৷ সকলো খণ্ডতে এই নেতিবাচক প্রভাৱ পৰে৷ তেনেদৰে এন এছ ই নিফ্টিও আজি নিম্নগামী হৈ ৫২৪ পইণ্ট হ্রাসেৰে বজাৰ সামৰণি পৰে৷ বি এছ ই ছেনছেক্স ১৭০৮ পইণ্ট তথা ৩.৪৪ শতাংশ নিম্নগামী হৈ ৪৭৮৮৩ত বজাৰ সামৰণি পৰাৰ বিপৰীতে এন এছ ই নিফ্টি ৫২৪ পইণ্ট তথা ৩.৫৩ শতাংশ নিম্নগামী হৈ ১৪,৩১১ত বজাৰ সামৰণি পৰে৷ আজি বজাৰত সর্বাধিক লোকচানৰ সন্মুখীন হৈছে বাজাজ ফাইনেন্স, ইণ্ডাছইণ্ড বেংক, এছ বি আই, এম এণ্ড এম, এক্সিছ বেংক, বাজাজ অটো, আই চি চি আই বেংক, কোটাক বেংক আদি৷ এই প্রতিষ্ঠানকেইটাৰ শ্বেয়াৰ ৮.৫৪ শতাংশলৈ হ্রাস পাইছে৷ তেনেদৰে এন এছ ইৰ ক্ষেত্রত ৰাজহুৱা খণ্ডৰ বেংক, যান–বাহন আৰু বিত্তীয় সেৱাসমূহ ৯.২৬ শতাংশলৈকে লোকচানৰ সন্মুখীন হৈছে৷ তাৎপর্যপূর্ণ যে এছিয়াৰ শ্বেয়াৰ বজাৰ বিশেষকৈ ছাংহাই, হংকং আৰু টকি’ আজি লোকচানৰ সন্মুখীন হৈছে৷ অৱশ্যে ছিউলৰ ষ্টক বজাৰ সামান্য পৰিমাণে লাভান্বিত হৈছে৷ অতিকে গুৰুত্বপূর্ণ যে আজি শ্বেয়াৰ বজাৰ নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিতত ১৫ মিনিটৰ ভিতৰতে বিনিয়োগকাৰীয়ে ৭ কোটিতকৈ অধিক মূল্যৰ লোকচানৰ সন্মুখীন হয়৷ তথ্য মতে এছিয়াৰ বজাৰসমূহে ভাৰতৰ ষ্টক বজাৰৰ প্রতি আগ্রহ নেদেখুৱাৰ পৰিপ্রেক্ষিততে বজাৰ ১ শতাংশ নিম্নগামী হয়৷ ইয়াৰ বাবে বিনিয়োগকাৰীসকলে ৭ লাখ কোটিতকৈ অধিক লোকচানৰ সন্মুখীন হৈছে৷ বিনিয়োগকাৰীয়ে এই লোকচানৰ সন্মুখীন হোৱাৰ কাৰণ হিচাপে মহাৰাষ্ট্র চৰকাৰে সম্পূর্ণ লকডাউনৰ পক্ষত থকাটো চর্চিত হৈছে৷