দিল্লীৰ পৰা আহি বংগত ভাইৰাছ মেলি নিদিবাঃ জয়া বচ্চন
নিয়মীয়া বাৰ্তা, ১৪ এপ্রিলঃ পশ্চিমবংগত তৃণমূল কংগ্রেছৰ হৈ প্রচাৰ চলোৱা অভিনেত্রী তথা সমাজবাদী পার্টীৰ সাংসদ জয়া বচ্চনে কালি বিজেপিৰ কেন্দ্রীয় নেতাসকলৰ নাম উল্লেখ নকৰাকৈ মোদী আৰু অমিত শ্বাহক আক্রমণৰ লক্ষ্য হিচাপে বাছি লয়৷
জয়া বচ্চনে কয়– ‘দিল্লীৰ পৰা আহি ইয়াত ভাইৰাছ মেলি নিদিবা৷’ কালি নদীয়াৰ এক বিশাল জনসভা সম্বোধি সাংসদগৰাকীয়ে কয় যে সমগ্র বিশ্বতে ক’ৰোনাৰ প্রকোপ বৃদ্ধি পাইছে৷ গতিকে দিল্লীৰ নেতাসকলে পশ্চিমবংগত থাকি কি বিচাৰিছে বুলিও জয়াই বিজেপিক কটাক্ষ কৰিছে৷
সাংসদগৰাকীৰ মতে মমতা বেনার্জীক লৈ বিজেপিৰ ভয় বৃদ্ধি পাইছে৷ দিল্লীত বহি ভাইৰাছ নিয়ন্ত্রণ কৰাৰ পৰিৱর্তে এতিয়া বিজেপিয়ে পশ্চিমবংগত ভাইৰাছ বিয়পোৱা বুলিও উল্লেখ কৰে নেত্রীগৰাকীয়ে৷