চহৰ এখনৰ সৌন্দর্য ৰক্ষা
যোৱা দুটা দশকত অসমৰ সৰু–ডাঙৰ চহৰবোৰৰ আকৃতি বৃদ্ধি পাই আহিছে আৰু চহৰবোৰে একে সময়তে বিভিন্ন সমস্যাৰ মুখামুখি হৈ আহিছে৷ চহৰৰ পিনে জনপ্রব্রজন হোৱাটো এটা স্বাভাৱিক কথা আৰু ইয়াৰ ফলত হ’ব পৰা সমস্যাসমূহৰ উপযুক্ত সমাধান আৰু কিছুমান বিকল্প পথৰ কথা পূর্বতেই চিন্তা কৰি ৰখাটো প্রয়োজনীয় আছিল৷ কিন্তু সেইটো কোনেও নকৰাৰ ফলত সমস্যাবোৰে বিশাল আকাৰ লৈ আৰু নতুন সমস্যাৰ জন্ম দিয়াৰ ফলত সমস্যাবোৰ ঢ়াকিবলৈ নানা জোৰা–টাপলি মৰা পদ্ধতি উলিওৱা হৈছিল আৰু এই কথাবোৰ অসমৰ সকলো চহৰৰৰ ক্ষেত্রতেই সমানেই প্রযোজ্য৷ চহৰ এখনত জনসংখ্যা বঢ়া মানে অকল মানুহৰ সংখ্যা বঢ়াই নহয়, ই সমগ্র চহৰখনতেই বিভিন্ন ধৰণৰ হেঁচাৰ পৰিমাণ বৃদ্ধি কৰি নিয়ে৷ এই সমস্যাবোৰৰ সমাধান কৰাৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগ আছে, সেই বিভাগবোৰে সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱৰাৰ ফলত অসমৰ প্রায়বোৰ চহৰেই নাগৰিকৰ বাবে জঞ্জাল হৈ উঠিছে আৰু এটা কথা সকলোতে প্রতিধ্বনিত হৈছে যে চহৰখন আৰু আগৰ দৰে বাসযোগ্য হৈ থকা নাই৷ এৰিষ্ট’টলে দুহেজাৰ বছৰৰো আগতে কোৱা ‘নগৰখনে বাসিন্দাসকলক নিৰাপত্তা আৰু সুখ দিব পাৰিব লাগিব’ কথাটো আজিও সমানেই সত্য৷ প্লেটোৱে কোৱা ‘সকলোৱে এটা সমতাপূর্ণ নাগৰিক জীৱনৰ অধিকাৰী’ হ’ব লাগিব বুলি কোৱা এটা কথাও আজিৰ কল্যাণকামী ৰাষ্ট্রবোৰত প্রযোজ্য৷ গ্রামাঞ্চলৰ পৰা জীৱিকাৰ সন্ধানত মানুহ আহি নগৰত ভিৰ কৰি নগৰখনৰ চেহেৰা নষ্ট কৰি দিছে বুলি মন্তব্য এটা কৰিয়েই সমস্যাটো সামৰি থ’ব নোৱাৰি৷ কিন্তু বাস্তৱত সেইটোৱেই হৈ আছে৷ স্বাধীনতাৰ পিছৰ পৰাই আমাৰ দেশৰ সকলো কাম–কাজৰ সিদ্ধান্ত লৈছে আমাৰ মানুহেই৷ অতি সাধাৰণ আৰু প্রাথমিক পর্যায়ৰ উদাহৰণ হিচাপে ব্রিটিছে নির্মাণ কৰা গুৱাহাটী আৰু তাৰ পিছত স্বাধীন ভাৰতৰ অসমীয়া যুৱকে নির্মাণ কৰা নিজৰ চহৰ গুৱাহাটীখনৰ পিনে চালেই পার্থক্য সহজে বুজি পোৱা যাব যে কিমান অকর্মণ্য আৰু দায়িত্বজ্ঞানহীন মানুহৰ হাতত পৰি আমাৰ ৰাজ্যখনৰ বিকাশৰ গতি মূল পথেৰে আগবাঢ়িছে৷
চৰকাৰৰ নগৰ পৰিকল্পনা নামেৰে এটা বিভাগ আছে আৰু এই বিভাগটোৰ কাম হ’ল পৰিকল্পিতভাৱে নগৰবোৰৰ শ্রীবৃদ্ধিক গতি দিয়া আৰু নতুন নগৰৰ নির্মাণ কৰা৷ নগৰ মানে বিভিন্ন প্রয়োজন পূৰণ কৰিব পৰা কেইটামান ঘৰৰ সমষ্টি নহয়৷ একে ঠাইতে বহুসংখ্যক আৱাসিক ফ্লেট নির্মাণ কৰি যি টাউনশ্বিপ নাম দিয়া হয়, সেই নগৰ নির্মাণ কৰিবলৈ চৰকাৰৰ এটা বিশাল বিভাগৰ প্রয়োজন নাই৷ একোজন কনড্রেক্টৰেই সহজেই তেনেকুৱা নগৰ একোখন সাজি উলিয়াব পাৰে৷ চৰকাৰে যি দর্শন আৰু আশাৰে নগৰ পৰিকল্পনা বিভাগটিৰ জন্ম দিছিল, সেই দর্শনত নগৰ মানে এটা ধাৰণা কৰা হৈছিল এটা সংস্কৃতিৰ যি সংস্কৃতিয়ে ৰাজ্যখনৰ, জাতিটোৰ এটা পৰিচয় বহন কৰিবলৈ সক্ষম হয়৷ সেইবাবে নগৰ পৰিকল্পনাক কোৱা হয় নগৰ এখনৰ দৈহিক, সাংস্কৃতিক, অর্থনৈতিক, মানসিক বিকাশৰ ৰূপৰেখা৷ একে সময়তে এই পৰিকল্পনাই ৰক্ষণাবেক্ষণ দিব লাগিব নগৰখনৰ ঐতিহ্য, পৰম্পৰা আৰু নগৰচিহ্ণসমূহৰ৷ এই ৰূপৰেখাই জাতি–বর্ণ–ধর্ম–সম্ ভেদ নামানি সকলো নাগৰিকৰ প্রয়োজন পূৰণ কৰিব পৰা হ’ব লাগিব আৰু এখন কল্যাণকামী ৰাষ্ট্রৰ সেয়া প্রধান চৰিত্র৷ কিন্তু বাস্তৱত দেখা গৈছে যে বিকাশৰ বিভিন্ন পর্যায়ত থকা অসমৰ বিভিন্ন নগৰবোৰত পৰিকল্পনাৰ মূল দর্শন মানি চলা হোৱা নাই৷ বহুজাতিক কোম্পানীৰ দুখনমান প্রকাণ্ড ছাইনবোর্ড অথবা দুটিমান শ্বপিং মলৰ জন্মই এখন নগৰক আধুনিক কৰিব নোৱাৰে বা বিকশিত ৰূপৰ আভাস দিব নোৱাৰে৷বর্তমানে দেখি থকা নগৰৰ আধুনিকীকৰণে নাশ কৰিছে চহৰচিহ্ণবোৰ আৰু কাঢ়ি নিছে নাগৰিকৰ মানসিক বিশ্রামৰ সকলো ৰাজহুৱা পৰিৱেশ৷ এই অৱস্থাত অসম চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগটো নতুনকৈ সজোৱাৰ সময় আহি পৰিছে আৰু সমাজৰ প্রতি দায়বদ্ধ আধুনিক মনৰ মানুহৰ হাতত দায়িত্ব নপৰিলে অসমৰ নগৰকেইখনৰ অৱশিষ্ট অংশবোৰো নাইকিয়া হৈ যাব৷