নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীলা জার্ছী পিন্ধি খেলপথাৰত নামিব কোহলি বাহিনী

নিয়মীয়া বাৰ্তা, ৩ মে’: মহামাৰী ক’ভিড–১৯ৰ ভয়ংকৰ সংক্রমণৰ মাজতো আইপিএল চলি থকাৰ সময়তে আর্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে অধিকাংশ দল আৰু খেলুৱৈ৷ ইয়াৰ ব্যতিক্রম নহয় বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু৷ এই ক্ষেত্রত সন্মুখৰ পৰা নেতৃত্ব দি অধিনায়ক কোহলিয়ে ঘোষণা কৰিছে যে জনসাধাৰণৰ এই বিপর্যয়ৰ সময়ত আৰচিবিয়ে পার্যমানে অর্থসাহায্য আগবঢ়াব৷ দেশবাসীক সজাগ আৰু সচেতন কৰাৰ লগতে অক্সিজেনৰ বাবে ধন সংগ্রহৰ লক্ষ্যৰে কোহলি বাহিনীয়ে আইপিএলৰ এখন মেচত বিশেষ নীলা জার্ছী পৰিধান কৰি খেলপথাৰত নমাৰ চিন্তাচর্চা কৰিছে৷

‘ভাৰতত দ্রুতগতিত বৃদ্ধি পোৱা ক’ভিড আক্রান্তৰ পৰিসংখ্যাই আমাক চিন্তিত কৰি তুলিছে৷ এই জটিল সময়ত আমি ক’ভিড যুঁজলৈ অর্থসাহায্য আগবঢ়োৱাৰ কথা চিন্তাচর্চা কৰিছোঁ৷ বিভিন্ন উপায়েৰে আমি ধন সংগ্রহ কৰি অক্সিজেনৰ যোগান আৰু উন্নত চিকিৎসা আন্তঃগাঁথনি নির্মাণৰ ক্ষেত্রত সহযোগিতা আগবঢ়াব বিচাৰিছোঁ৷’– কোহলিয়ে এইদৰে কয়৷ ইফালে, আৰচিবিয়ে টুইটাৰত উল্লেখ কৰিছে যে দলটোৱে এখন মেচত বিশেষ নীলা জার্ছী পৰিধান কৰি খেলপথাৰত নামিব আৰু খেলুৱৈৰ স্বাক্ষৰ সম্বলিত এই জার্ছী নিলাম কৰি অক্সিজেন ক্রয়ৰ বাবে ধন সংগ্রহ কৰিব৷

You might also like