নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ নির্বাচনঃ হিংসাৰ ঘটনাৰ প্রতিবেদন বিচাৰিলে গৃহ মন্ত্রালয়ে

নিয়মীয়া বাৰ্তা, ৪ মেঃ পশ্চিমবংগ বিধানসভা নির্বাচনৰ পিছত সংঘটিত নির্বাচনী হিংসাৰ ঘটনাৰ প্রতিবেদন দিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰক নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ বিশেষকৈ বিৰোধী ৰাজনৈতিক দলৰ কর্মীসকলৰ ওপৰত আৰম্ভ হোৱা আক্রমণৰ ঘটনাত শংকিত হৈ এই প্রতিবেদন বিচাৰিছে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে তেওঁলোকৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা সদৰী কৰিছে৷

উল্লেখ্য যে পশ্চিমবংগত শাসনাধিষ্ঠিত তৃণমূল কংগ্রেছে বৃহৎ জয় লাভ কৰাৰ পিছতে নির্বাচনী হিংসাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ এদিন পূর্বে ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধনখাৰে আৰক্ষী সঞ্চালকপ্রধানক আইন–শৃংখলা পৰিস্থিতি অৱনমিত হোৱাৰ বাবে তলব কৰিছিল৷ ৰাজ্যখনত মুঠ আঠটা পর্যায়ত অনুষ্ঠিত হৈছিল বিধানসভা নির্বাচন৷

You might also like