নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টৰ পৰা দেশত শিশুক প্রদান কৰা হ’ব পাৰে ভেকচিন

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ , কেন্দ্রীয় স্বাস্থ্য মন্ত্রী মনসুখ মান্দাৱিয়াই আগন্তুক আগষ্ট মাহৰ পৰা শিশুসকলক ক’ভিড ভেকচিন প্রদান কৰাৰ ইংগিত দিছে৷ অর্থাৎ দেশত শিশুৰ বাবে ক’ভিডৰ টিকাকৰণ আগষ্ট মাহৰ পৰা আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷

লক্ষণীয়ভাৱে ক’ভিডৰ টিকাকৰণ ক্ষিপ্রতৰ কৰা বিষয়টোক লৈ বিভিন্ন মহলত তৎপৰতা চলি থকাৰ সময়তে মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্র আৰু দিল্লী চৰকাৰৰ পৰা ভিক্ষাৰী তথা অঘৰী লোকসকলৰ টিকাকৰণ আৰু পুনৰ সংস্থাপনৰ বিষয় লৈ মতামত বিচাৰিছে৷ উচ্চতম ন্যায়ালয়ে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কেন্দ্রীয় চৰকাৰে এই বিষয়টো সন্দর্ভত কি ধৰণে গুৰুত্ব আৰোপ কৰিছে তাক জনাবলৈ নির্দেশ দিছে৷

You might also like