নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত বছৰি বায়ু প্রদূষণত প্রাণ হেৰুৱায় ৭০ লাখ লোকে

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ বিশ্বজুৰি বায়ু প্রদূষণৰ ফলত বছৰি প্রায় ৭০ লাখ লোকৰ মৃত্যু হয়৷ সকলো দেশতে স্বাস্থ্যক্ষেত্রত বায়ু প্রদূষণ ভাবুকি হিচাপে চিহ্ণিত হৈ আহিছে৷ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ জনসাধাৰণৰ বাবে বায়ু প্রদূষণ মাৰাত্মক বুলিও চিহ্ণিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷

শেহতীয়াকৈ হুৰ তৰফৰ পৰা মানুহৰ স্বাস্থ্যৰ বাবে বায়ু প্রদূষণ আটাইতকৈ ভয়াৱহ ভাবুকি বুলি উল্লেখ কৰা হৈছে৷ জলবায়ু পৰিৱর্তনৰ ফলত ইতিমধ্যে পৃথিৱীত বিভিন্ন প্রাকৃতিক বিপর্যয়ত প্রাণ হেৰুৱাবলগীয়া হৈছে অসংখ্য লোকে৷ সেইদৰে বায়ু প্রদূষণে প্রতিবছৰে প্রাণ কাঢ়িছে প্রায় ৭০ লাখ লোকৰ৷ গতিকে জলবায়ু পৰিৱর্তনৰ মোকাবিলা কৰা আৰু বায়ু প্রদূষণ হ্রাসৰ ব্যৱস্থা গ্রহণ কৰাটো অতি জৰুৰী বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে৷

আন্তর্জাতিক সংস্থাটোৰ মতে, জীৱকুলৰ বাবে বায়ুৰ যি মান্যতা থাকিব লাগে, তাক কোনো দেশেই ৰক্ষা কৰিব পৰা নাই৷ গতিকে ইয়াৰ পৰিণাম অধিক ভয়াৱহ হৈ আহিছে৷

You might also like