পেলেক চিকিৎসালয়ৰ পৰা মুকলি
নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ প্রায় এমাহৰ চিকিৎসাৰ অন্তত অৱশেষত চিকিৎসালয়ৰ পৰা মুকলি হ’ল ব্রাজিলৰ ফুটবল কিংবদন্তি পেলে৷ কর্কট ৰোগত আক্রান্ত ৮০ বছৰীয়া প্রাক্তন ফুটবলাৰগৰাকীক যোৱা ৩১ আগষ্টত ছাও পাওলোৰ এলবার্ট আইনষ্টাইন হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ যোৱা ৪ ছেপ্ঢেম্বৰত তেওঁৰ এক অস্ত্রোপচাৰ সম্পন্ন হৈছিল আৰু ইয়াৰ পিছতে চিকিৎসকে আজি পেলেক ঘৰলৈ যোৱাৰ অনুমতি দিয়ে৷
অৱশ্যে চিকিৎসকৰ তত্ত্বাৱধানত বর্ষীয়ান ফুটবলাৰগৰাকীক ঘৰত কেমোথেৰাপী দি থকা হ’ব৷ মন কৰিবলগীয়া যে তিনিবাৰৰ বিশ্বকাপ বিজয়ী বিশ্বৰ একমাত্র ফুটবলাৰ পেলেৰ আশু আৰোগ্য কামনা কৰি বিশ্বৰ অগণন ফুটবলপ্রেমীয়ে প্রার্থনা জনাইছিল৷
উল্লেখ্য যে ১৯৫৮ত ব্রাজিলে প্রথমবাৰৰ বাবে বিশ্বকাপ জয়ত পেলেই মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ ইয়াৰ পিছত তেওঁ ১৯৬২ আৰু ১৯৭০ত ব্রাজিলৰ হৈ পুনৰ দুবাৰ বিশ্বজয়ৰ সোৱাদ পাইছিল৷