বিশ্বৰ কনিষ্ঠতম জ্যোতির্বিদৰ স্বীকৃতি ব্রাজিলৰ ৮ বছৰীয়া নিক’ল অলিভেৰিয়ালৈ
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ বিশ্বৰ কনিষ্ঠতম জ্যোতির্বিদ হিচাপে স্বীকৃতি লাভ কৰিছে ব্রাজিলৰ আঠ বছৰীয়া কন্যা নিক’ল অলিভেৰিয়াই৷ দেশখনৰ মহাকাশ আৰু বিজ্ঞানৰ শীর্ষ বিজ্ঞানীৰ সৈতে ইতিমধ্যে নিক’ল অলিভেৰিয়াই কেইবাখনো আন্তর্জাতিক আলোচনা–চক্র আৰু বৈঠকত অংশগ্রহণ কৰিছে৷
আমেৰিকা যুক্তৰাষ্ট্রৰ নাছাৰ অংশ হিচাপে থকা গ্রহাণু কার্যসূচীৰ কেইবাটাতো অংশগ্রহণ কৰি বিশ্বৰ বিজ্ঞানী মহলৰ মাজত চর্চিত হোৱা নিক’ল অলিভেৰিয়াই ব্রাজিলৰ প্রখ্যাত জ্যোতির্বিদ ডুলিয়া ডে মেলৰ সৈতে একেখন মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ছুপাৰ ন’ভা এছ এন ১৯৯৭ডি আৱিষ্কাৰেৰে ৮ বছৰীয়া শিশু কন্যাগৰাকীয়ে নিজৰ প্রতিভা বিকশিত কৰাৰ লগতে বিজ্ঞানী মহলক হতবাক কৰি তুলিছে৷
মহাকাশচাৰী মার্কোছ পণ্টেছৰ সৈতে ব্রাজিলৰ বিজ্ঞান মন্ত্রীৰ সৈতে সাক্ষাৎ লাভ কৰা অলিভেৰিয়াই ইতিমধ্যে নাছাৰ গ্রহাণু কার্যসূচীত অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিছে৷ এষ্টৰইড হাণ্টাৰ শীর্ষক প্রকল্পৰ জৰিয়তে নিক’ল অলিভেৰিয়াই মহাকাশত নতুন আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল৷ নাছাৰ দ্বাৰা পঞ্জীয়নকৃত কার্যসূচীত অংশ লৈ আঠ বছৰীয়া নিক’ল অলিভেৰিয়াই বিশ্বৰ কনিষ্ঠতম জ্যোতির্বিদ হিচাপে স্বীকৃতি লাভ কৰিছে৷