নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো চিলিণ্ডাৰত ১৫ টকাকৈ পুনৰ বৃদ্ধি ঘটিল ঘৰুৱা ৰন্ধন গেছৰ দাম

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ পেট্র’ল–ডিজেলৰ অভিলেখকাৰী মূল্যবৃদ্ধিৰে দেশবাসীক মাধমাৰ শোধোৱাৰ পাছত এইবাৰ ঘৰুৱা ৰন্ধন গেছতো একেই পদক্ষেপ গ্রহণ কৰিছে৷ ইন্ধনৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে দেশজুৰি বিভিন্ন ৰাজনৈতিক দল–সংগঠনে কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে চলাই থকা প্রতিবাদক আওকাণ কৰি পেট্র’ল–ডিজেলৰ সমান্তৰালকৈ ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধি অব্যাহত ৰাখিছে৷ ৰাজহুৱা খণ্ডৰ তেল কোম্পানী ইণ্ডিয়ান অইল কর্প’ৰেচন, ভাৰত পেট্র’লিয়াম কর্প’ৰেচন আৰু হিন্দুস্তান পেট্র’লিয়াম কর্প’ৰেচনে আজিৰে পৰা কার্যকৰী হোৱাকৈ প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৫ টকাকৈ বৃদ্ধি কৰিছে৷

আন্তর্জাতিক বজাৰত ইন্ধনৰ মূল্য আৰু মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ তাৰতম্যৰ আধাৰত মাহত দুবাৰকৈ ইন্ধনৰ মূল্য সংশোধন কৰা হয়৷ এই সংশোধিত মূল্যবৃদ্ধিৰ বাবেই ৰাজসাহায্যযুক্ত আৰু ৰাজসাহায্যবিহীন দুয়োবিধ ৰন্ধন গেছৰ চিলিণ্ডাৰত মূল্যবৃদ্ধি কৰিছে কোম্পানীকেইটাই৷ আজিৰে পৰা প্রতিটো ১৪.২ কেজি এল পি জি চিলিণ্ডাৰত ১৫ টকা বৃদ্ধি কৰাৰ লগে লগে চলিত বর্ষটোত প্রতিটো চিলিণ্ডাৰত ২০৫.৫০ টকা বৃদ্ধি পালে৷ আজিৰ বৃদ্ধিক লৈ দেশৰ ৰাজধানী নতুন দিল্লীত প্রতিটো চিলিণ্ডাৰৰ মূল্য ৮৯৯.৫০ টকা হ’ব৷ বিহাৰত সর্বাধিক ৯৮৩.০০ টকা হ’ব৷ কলকাতাত ৯২৬ টকা, মুম্বাইত ৮৯৯.৫০ টকা৷

ইপিনে গুৱাহাটীত ছেপ্টেম্বৰ মাহত ২৫ টকা বৃদ্ধি কৰাৰ পাছত প্রতিটো চিলিণ্ডাৰৰ মূল্য ৯৩৩.৫০ টকা হৈছিল৷ ইয়াৰ বিপৰীতে আজি ১৫ টকা বৃদ্ধি কৰাত গুৱাহাটীত প্রতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৪৮.৫০ টকা হৈছে৷

উল্লেখ্য যে পেট্র’ল–ডিজেলৰ মূল্যই সর্বকালৰ শিখৰত উঠাৰ পাছত ৰন্ধন গেছৰ মূল্যয়ো পূর্বৰ সকলো অভিলেখ ভংগ কৰি নতুন শিখৰত উঠিলে৷ লক্ষণীয় যে ৫ কিলোগ্রাম চিলিণ্ডাৰৰ মূল্য ৫০২ টকা নির্ধাৰণ কৰা হৈছে৷ এবছৰতে ২০৫.৫০ টকা প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃদ্ধি কৰি দেশৰ সাধাৰণ নাগৰিকৰ মূৰত ৰাম–টাঙোন শোধাইছে কেন্দ্রীয় চৰকাৰে৷ গুৰুত্বপূর্ণ যে পেট্র’ল, ডিজেলক জি এছ টিৰ অধীনলৈ আনিলে মূল্য হ্রাস পোৱাটো নিশ্চিত যদিও কেন্দ্রীয় চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিবলৈ সাহসী পদক্ষেপ ল’ব পৰা নাই৷

আনপিনে ৰন্ধন গেছৰ ক্ষেত্রত ৰাজহুৱা কোম্পানীসমূহে মূল্য বৃদ্ধি কৰি আছে যদিও কেন্দ্রীয় চৰকাৰে এই ৰন্ধন গেছৰ প্রতিটো ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ ৰাজসাহায্য অভাৱনীয় ৰূপত কর্তন কৰিছে৷ কার্যতঃ প্রতিটো চিলিণ্ডাৰত মাত্র ৫০ টকাহে ৰাজসাহায্য প্রদান কৰি আহিছে৷ ঘৰুৱা ৰন্ধন গেছৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্রতো মূল্যবৃদ্ধি অব্যাহত ৰাখিছে কোম্পানীকেইটাই৷

You might also like