নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ গুৱাহাটী মহানগৰীত অনুষ্ঠিত পূজা সমূহত ক’ভিড বিধি মানি চলাটো বাধ্যতামূলক কৰিছে কামৰূপ মহানগৰ জিলা আৰক্ষী–প্রশাসনে৷ পূজাৰ সময়ছোৱাত যাতে কোনো আয়োজক সমিতিয়ে প্রশাসনৰ নীতি–নির্দেশনা উলংঘা কৰিব নোৱাৰে, তাৰ বাবে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ আৰক্ষী বিষয়াসকলে অধিক সষ্টম হৈ পৰিছে৷
গুৱাহাটী আৰক্ষী জিলাৰ ডি চি পি নৱনীত মহন্তৰ নেতৃত্বত দেওবাৰে শান্তিপুৰ, শ্লুইচগেট, বিষ্ণুপুৰ, ভৰলুমুখ আদি স্থানত আৰক্ষীয়ে অভিযান চলায়৷ পূজাৰ মণ্ডপে মণ্ডপে অভিযান চলাই আয়োজক সমিতিয়ে যাতে প্রশাসনৰ নীতি–নির্দেশনাসমূহ উলংঘা নকৰে, তাৰ বাবে আহ্বান জনায়৷ তদুপৰি ক’ৰোনাৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি সকলো পূজাস্থলীত যাতে ভক্ত তথা ৰাইজে মাস্ক পৰিধান কৰি পূজাৰ অনুষ্ঠান উপভোগ কৰে, তাৰ বাবে আহ্বান জনায়৷