নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্ত অভিনেতা সৌমিত্র চেটার্জী

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ বঙালী ছবিজগতৰ কিংবদন্তি অভিনেতা সৌমিত্র চেটার্জী ক’ভিড–১৯ত আক্রান্ত হৈছে৷  ক’ভিড–১৯ পজিটিভ বুলি ধৰা পৰাৰ পিছতেই অভিনেতাগৰাকীক কলকাতাৰ বেলে ভিউ হাস্পতালত ভর্তি কৰোৱা হৈছে৷ অৱশ্যে ৮৫ বছৰীয়া অভিনেতাগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি উল্লেখ কৰিছে হাস্পতালখনৰ সূত্রই৷

ইফালে, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কিংবদন্তি অভিনেতাগৰাকীৰ চিকিৎসাৰ ক্ষেত্রত যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ স্বাস্থ্য বিভাগক নির্দেশ দিছে৷ স্মর্তব্য যে পশ্চিমবংগৰ আটাইতকৈ জনপ্রিয় অভিনেতা সৌমিত্র চেটার্জীয়ে চলচ্চিত্রকাৰ সত্যজিৎ ৰায়ৰ সৈতে ১৪খন ছবিত একেলগে কাম কৰিছিল৷ ১৯৫৯ চনত ‘অপুৰ সংসাৰ’ ছবিৰ জৰিয়তে অভিনয়ৰ ক্ষেত্রখনত তেওঁ ভুমুকি মাৰিছিল৷

You might also like