নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰকিবুল পৰাস্ত হ’লেই সভাপতি পদ ত্যাগ ভূপেন বৰাৰ!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ সমাগত লোকসভা নির্বাচনত ধুবুৰীৰ কংগ্রেছ প্রার্থী ৰকিবুল হুছেইন পৰাজিত হ’লেই প্রদেশ কংগ্রেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব ভূপেন বৰাই৷ সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে৷ ৰকিবুল হুছেইনক কংগ্রেছে ধুবুৰীত টিকট দিয়াৰ পাছতে দলৰ অভ্যন্তৰত তীব্র বাদ–বিসম্বাদ আৰম্ভ হৈছে৷ সাংসদ আব্দুল খালেকৰ পৰা আৰম্ভ কৰি বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আদিয়ে মুকলিকৈ ৰকিবুল হুছেইনৰ প্রার্থিত্বৰ বিৰোধিতা কৰিছে৷ কিন্তু ইমানৰ পাছতো ৰকিবুল হুছেইনক লৈ সম্পূর্ণ আশাবাদী ভূপেন বৰা৷ সংবাদ মাধ্যমৰ আগত বৰাই কয় যে ধুবুৰীত ৰকিবুল হুছেইন জয়ী হ’বই৷ অৱশ্যে ধুবুৰীত ৰকিবুল হুছেইনক হৰুৱাবৰ বাবে ঘৰৰ ভিতৰৰ পৰাই চক্রান্ত চলিছে৷ কিন্তু ধুবুৰীত এইবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে যুঁজি ৰকিবুল হুছেইন জয়ী হ’ব৷ বৰাই আৰু কয় যে বদৰুদ্দিন আজমলক মহাজোঁটৰ পৰা তেৱেঁই আঁতৰাই পঠিয়াইছিল৷ এআইইউডিএফৰ লগত কংগ্রেছৰ সম্পর্কৰ তেৱেঁই বিচ্ছেদ ঘটাইছিল৷ ৰকিবুল হুছেইনক ধুবুৰীত নির্বাচন খেলিবলৈ পঠিওৱাত তেওঁ নিজেও যথেষ্ট অৰিহণা যোগাইছে৷ সমাগত লোকসভা নির্বাচনত কংগ্রেছ দলে অসমত পূর্বতকৈ ভাল ফলাফল প্রদর্শন কৰিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি বৰাই আৰু কয় যে কংগ্রেছে এইবাৰ পূর্বতকৈ বেছি ভোট নাপালে তেওঁ নিজেই দায়িত্ব মানি ল’ব৷ সাংসদ আব্দুল খালেক টিকটৰ পৰা বঞ্চিত হোৱাৰ দায়িত্ব সভাপতি হিচাপে তেওঁ মানি ল’ব নেকি বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত বৰাই কয় যে বিজেপিৰ ৰামেশ্বৰ তেলী, পল্লৱলোচন দাসে টিকট নোপোৱাৰ দায়িত্ব যদি অসমৰ মুখ্যমন্ত্রীয়ে মানি লয়, তেতিয়াহ’লে খালেকে টিকট নোপোৱাৰ দায়িত্বও তেওঁ মানি ল’ব৷ আসন্ন লোকসভা নির্বাচনত কংগ্রেছে ১৪খন আসনত যাতে জয়ী হয়, তাৰ বাবে ৰাইজৰ আশীর্বাদ বিচৰা বুলিও তেওঁ উল্লেখ কৰে৷

You might also like