নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ : মৰিগাঁও জিলাৰ অন্যতম শিক্ষানুষ্ঠান গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ উদযাপনৰ ব্যাপক প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। বৃহত্তৰ গেৰুৱা অঞ্চলৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষানুষ্ঠানখনৰ হীৰক জয়ন্তী উদযাপনৰ বাবে অঞ্চলৰ লোকসকলৰ লগতে প্ৰাক্তন ছাত্ৰ, বিদ্যালয়খনৰ গুৰু মণ্ডলী আৰু এছ এম ডি চিৰ কৰ্মকৰ্তাসকল ব্যস্ত হৈ পৰিছে। হীৰক জয়ন্তী কাৰ্যসূচী পৰিচালনাৰ সুবিধাৰ বাবে ৰাজেন্দ্ৰ বৰদলৈক সভাপতি, অধ্যক্ষ বুবুমণি গোস্বামী আৰু বিপিন চন্দ্ৰ বৰদলৈক কাৰ্যকৰী সভাপতি, শিক্ষক বাবুল বৰাক সম্পাদক , দুৰ্গেশ্বৰ ভূঞা আৰু অংকুৰ ডেকাক যুটীয়া সম্পাদক হিচাপে লৈ এখন বলিষ্ঠ সমিতি গঠন কৰি দিয়া হৈছে। ইয়াৰ উপৰিও ৯ খনকৈ উপ-সমিতি গঠন কৰি দিয়া হৈছে। কাৰ্যসূচী অনুসৰি ২ ডিচেম্বৰত পুৱা ৮ বজাত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰাক্তন ছাত্ৰ ক্ৰমে জীৱন বৰা, গন্ধৰ্ব কোঁৱৰ আৰু শিক্ষক বিনেশ বসুমতাৰীয়ে। ৮.৩০ বজাত আদৰণী তোৰণ উন্মোচন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰিয়ে, ৮.৪৫ ত স্হায়ী তোৰণ উন্মোচন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী মাহেন্দ্ৰী দেৱীয়ে, ৯ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব অধ্যক্ষ বুবু মণি গোস্বামীয়ে, সমান্তৰালকৈ হীৰক জয়ন্তীৰ ৬০খন পতাকা উত্তোলন কৰিব এছ এম ডি চিৰ সভাপতিকে প্ৰমুখ্য কৰি অঞ্চলৰ ৬০গৰাকী বিশিষ্ট ব্যক্তিয়ে। ১০.৩০ বজাত স্মৃতি তৰ্পণ কৰিব গেৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনক চন্দ্ৰ বৰা আৰু আছুৰ জিলা সভাপতি ৰূপ জ্যোতি মেধিয়ে, স্মৃতি তৰ্পণ কাৰ্যসূচীত তৰ্পক হিচাপে থাকিব অৱসৰপ্ৰাপ্ত শিক্ষক কৃষ্ণ কান্ত শইকীয়া, ১১ বজাত প্ৰীতি মুলক কাবাদী খেল উদ্বোধন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য বিপিন চন্দ্ৰ বৰদলৈয়ে, ১১.১৫ বজাত গ্ৰন্থমেলা উদ্বোধন কৰিব আদৰণী সমিতিৰ সম্পাদক বাবুল বৰাই, ১ বজাত বিচিত্ৰানুষ্ঠান উদ্বোধন কৰিব সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকাই, সন্ধ্যা ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীত প্ৰজ্বলক হিচাপে উপস্হিত থাকিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মতিৰাম বৰদলৈ। ৩ ডিচেম্বৰত পুৱা ন বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জিয়ন, ৯.৩০ বজাত ৰক্তদান শিবিৰৰ দ্বাৰ উন্মোচন কৰিব তুতুল বৰঠাকুৰে, ৯.৪৫ বজাত পুথিভঁৰালৰ দ্বাৰ উন্মোচন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক বুধেন্দ্ৰ নাথ ডেকাই, ১০ বজাত মুকলি চিত্ৰাংকন প্ৰতিযোগিতা মুকলি কৰিব মহেন্দ্ৰ মোহন শইকীয়াই, ১০.৩০ বজাত প্ৰাক্তন ছাত্ৰ আৰু গুৰু-শিষ্যৰ অন্তৰংগ আলাপ অনুষ্ঠান। বিয়লি ১ বজাত প্ৰাক্তন ছাত্ৰৰ মুকলি সন্মিলন উদ্বোধন কৰিব ডিফুৰ সহ: আয়ুক্ত শুকৰাম চৌহানে। সন্মিলনত মুখ্য অতিথি হিচাপে উপস্হিত থাকিব অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান তথা অসম চৰকীৰৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্ত। সন্মানীয় অতিথি হিচাপে উপস্হিত থাকিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ উপ-পঞ্জীয়ক ড০ মৃণাল বৰা, সদৌ অসম ছাত্ৰ সন্হাৰ সভাপতি উৎপল শৰ্মা আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া। সন্ধ্যা বন্তি প্ৰজ্বলন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তোষেশ্বৰ শৰ্মাই। ৮ বজাত অনুষ্ঠিত হব বৰ্ণিল সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই। চাৰি ডিচেম্বৰত পুৱা ৯.৩০ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰিব মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে। ১১.৩০ বজাত মুকলি সভা । মুকলি সভাত সভাপতিত্ব কৰিব গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বুবু মণি গোস্বামীয়ে । সভা উদ্বোধন কৰিব মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভৱেন চন্দ্ৰ নেওগে। মুখ্য অতিথি হিচাপে উপস্হিত থাকিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। সন্মানীয় অতিথি হিচাপে উপস্হিত থাকিব অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা। বিশেষ সন্মানীয় অতিথি হিচাপে উপস্হিত থাকিব তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা, ভূৰাগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ কন্দৰ্প শইকীয়া, হাইস্কুল শিক্ষক সন্হাৰ মৰিগাঁৱৰ সম্পাদক অনিল চন্দ্ৰ নাথ, বড়ো কছাৰী উন্নয়ন পৰিষদৰ সদস্য মথুৰা বসুমতাৰী, গুৱাহাটীৰ বিশিষ্ট সমাজসেৱক নাৰায়ণ ভূঞা । সন্ধ্যা ৫ বজাত বন্তি প্ৰজ্বলন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ সদস্য দুলাল চন্দ্ৰ ব্ৰহ্মই। সন্ধ্যা ৮ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই। সাস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ গীতৰ শৰাই। এনেদৰেই বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিব গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ তিনিদিনীয়া কাৰ্যসূচীৰ ।

প্ৰেৰক আবুল কালাম

You might also like